মুখ্য-পৃষ্ঠা

প্ৰেমৰ অপূৰ্ব নিদৰ্শন তাজমহলৰ সৌন্দৰ্য্য পান কৰি অভিভূত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি…

asomiyapratidin

ডিজিটেল ডেস্কঃ প্ৰেমৰ অপূৰ্ব নিদৰ্শন তাজমহল চাবলৈ সোমবাৰে আগ্ৰাত উপস্থিত হ'ল ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জয়ৰ বোলচোনাৰো। ভাৰতৰ গণতন্ত্ৰ দিৱসৰ অতিথিৰূপে ভাৰত ভ্ৰমণ কৰা ব্ৰাজিলৰ ৰাষ্ট্ৰপতিগৰাকীয়ে তাজমহলৰ সৌন্দৰ্য্য উপভোগ কৰি অভিভূত হৈ পৰা বুলি সাংবাদিকক জানিবলৈ দিয়ে। তাজমহলৰ সন্মুখত তেওঁ ফটোৰ বাবে বিভিন্ন প'জ দিয়াও পৰিলক্ষিত হয়।

উল্লেখ্য যে, ভাৰতৰ ৭১ সংখ্যক গণৰাজ্য দিৱসত অংশ ল'বলৈ শনিবাৰে ভাৰতত উপস্থিত হৈছিল ব্ৰাজিলৰ ৰাষ্ট্ৰপতি বোলচোনাৰ। তেওঁ ২৬ জানুৱাৰীত ৰাজঘাটৰ গণৰাজ্য দিৱসত মুখ্য অতিথিৰূপে অংশ লোৱাৰ পিছত সোমবাৰে কেইবাগৰাকীও মন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হয়। তাৰ মাজতে সময় উলিয়াই তেওঁ দৰ্শন কৰে তাজমহল। ভাৰত ভ্ৰমণ সম্পূৰ্ণ কৰি মঙলবাৰে স্বদেশলৈ উভতিব ব্ৰাজিলৰ ৰাষ্ট্ৰপতিগৰাকী।