মুখ্য-পৃষ্ঠা

স্বামী বিবেকানন্দৰ জন্ম-জয়ন্তীত দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন…

asomiyapratidin

ডিজিটেল ডেস্কঃ স্বামী বিবেকানন্দৰ জন্মজয়ন্তী উপলক্ষে ৰাষ্ট্ৰপতি ৰামনাথ কোবিণ্ড আৰু প্ৰধান মন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।টুইটাৰযোগে মোডীয়ে কয় যে, তেওঁলোকে এইবাৰৰ বিবেকানন্দ জয়ন্তীত নেমো নামৰ এটা এপ বিকাশ কৰাৰ চেষ্টা কৰিছে, ইয়ে বিবেকানন্দৰ চিন্তা-দৰ্শন আৰু জীৱনৰ বিষয়ে জানিব পাৰিব।

তেওঁ লগতে কয় বিবেকানন্দকৰ জীৱন আদৰ্শ মানুহে জনা উচিত।টুইটাৰ যোগে তেওঁ বিবেকানন্দৰ এটি বাণীও চেয়াৰ কৰে যে মই মোৰ দেশক ওপৰত ভৰষা কৰো, বিশেষকৈ দেশৰ যুৱ প্ৰজন্মৰ ওপৰত।

উল্লেখ্য যে, ১৮৯৩ চনত চিকাগোৰ বিশ্বৰ ধৰ্ম সংসদত স্বামী বিবেকানন্দই দিয়া ভাষণৰ পিছত পশ্চিমীয়া পৃথিৱীত দেশতো যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল। ভাৰতত হিন্দু ধৰ্মৰ পুনৰুজ্জীৱিত কৰণ আৰু ১৯শ শতিকাৰ শেষৰ অংশত ইয়াক মুখ্য বিশ্ব ধৰ্মৰ স্থিতিলৈ আনিবলৈ তেওঁক এক মুখ্য শক্তিৰ ভূমিকাও পালন কৰিছিল।