৩ মিচিং জাতিয় সংগঠনৰ অধিবেশনৰ প্ৰস্তুতিঃ মুখপত্ৰ "জেলাম"ৰ বাবে লেখা আহ্বান...
৩ মিচিং জাতিয় সংগঠনৰ অধিবেশনৰ প্ৰস্তুতিঃ মুখপত্ৰ "জেলাম"ৰ বাবে লেখা আহ্বান...  
মুখ্য-পৃষ্ঠা

৩ মিচিং জাতীয় সংগঠনৰ অধিবেশনৰ প্ৰস্তুতিঃ মুখপত্ৰ "জেলাম"ৰ বাবে লেখা আহ্বান...

Asomiya Pratidin

ডিজিটেল সংবাদ ঢকুৱাখনা: মিচিং জনগোষ্ঠীৰ সংগ্ৰামী সত্বা স্বৰূপ তিনি জাতীয় সংগঠন সদৌ মিচিং ছাত্ৰ সন্থা,  মিচিং সংগ্ৰাম সমিতি আৰু সদৌ মিচিং মহিলা সমিতিৰ ঢকুৱাখনা জিলা সমিতিৰ ত্রিবাৰ্ষিক অধিবেশন অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। পূব ঢকুৱাখনাৰ "কৰ্মবীৰ বিমলা কান্ত দলে ক্ষেত্ৰ"ত অহা ২৪ আৰু ২৫ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া তিনি সংগঠনৰ জিলা অধিবেশনৰ সতে সংগতি ৰাখি "জেলাম" নামৰ এখন মুখপত্ৰ প্ৰকাশৰ প্ৰস্তুতি চলিছে।

জিলা সমিতিৰ সাহিত্য আৰু সাংস্কৃতিক সম্পাদক ভদ্ৰ কান্ত টাইদৰ সম্পাদনাত প্ৰকাশ হ'বলগীয়া এই মুখপত্ৰত প্ৰকাশৰ বাবে আগ্ৰহী লেখকসকলৰ পৰা গুণগত লেখনি কামনা কৰিছে সম্পাদক ভদ্ৰ কান্ত টাইদে। অহা  ১৫ ডিচেম্বৰৰ ভিতৰত সম্পাদনা সমিতিয়ে পোৱাকৈ আগ্ৰহী লেখকসকলে জনগোষ্ঠীটোৰ স্বকীয় ভাষা সাহিত্য, লোক কলা, পৰম্পৰাগত কৃষ্টি সংস্কৃতিৰ লগতে শিক্ষা সম্পৰ্কীয় গৱেষণা ধৰ্মী লেখা,কবিতা, গল্প, প্ৰবন্ধসমূহ মিচিং, অসমীয়া আৰু ইংৰাজী ভাষাত লিখি সম্পাদক ভদ্ৰ কান্ত টাইদৰ হোৱাটচএপ নম্বৰ 8472984341 অথবা kantabhadrat@gmail,com জৰিয়তে প্ৰেৰণ কৰাৰ আহ্বান জনাইছে।

লেখাসমূহ স্পষ্ট আখৰেৰে লিখি বা "ৰামধেনু"ত টাইপ কৰি প্ৰেৰণ কৰাৰ আহ্বান জনাই সম্পাদক গৰাকীয়ে। লগতে প্ৰয়োজন হলে 8638800600, 8135014428 আৰু 8472887262 নম্বৰত যোগাযোগ কৰাৰ আহ্বান জনাইছে।

ক্লিক কৰি পঢ়কঃ আপোনাকো লাগে নেকি চাকৰি ? জানুৱাৰীত ১০ হাজাৰ পদত নিযুক্তি...