ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ ডেৰশ বছৰীয়া জয়ন্তীৰ প্ৰস্তুতি তুংগত
ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ ডেৰশ বছৰীয়া জয়ন্তীৰ প্ৰস্তুতি তুংগত  
মুখ্য-পৃষ্ঠা

ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ ডেৰশ বছৰীয়া জয়ন্তীৰ প্ৰস্তুতি তুংগত

Asomiya Pratidin

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনাৰ শৈক্ষিক ক্ষেত্ৰখনৰ স্বাভিমানী নক্ষত্ৰ স্বৰূপ ১৮৭২ চনতে প্ৰতিষ্ঠা লাভ কৰা ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়খনে যুগ জয়ী সফল যাত্ৰা পথত চলিত বৰ্ষত ১৫০ টা বছৰত পদাৰ্পণ কৰিছে। ঢকুৱাখনা নগৰৰ মাজ মজিয়াত স্থাপিত এইখন বৰ্ণময় ইতিহাসেৰে সমৃদ্ধ মজলীয়া শিক্ষানুষ্ঠানৰ এনে গৌৰৱোজ্জ্বল ক্ষণ সজীৱ কৰি ৰাখিবলৈ বিদ্যালয় পৰিয়াল আৰু ঢকুৱাখনাবাসী ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে ডেৰশ বছৰীয়া জয়ন্তী মহোৎসৱ উদযাপনৰ।

অহা ২০২৩ বর্ষৰ ১৬,১৭ আৰু ১৮ অক্টোবৰত জয়ন্তীৰ মূল সামৰণি কাৰ্যসূচী অনুষ্ঠিত কৰাৰ মানসেৰে অহা ৩০ ডিচেম্বৰত এই স্বৰ্ণ উজ্জ্বল জয়ন্তীৰ শুভাৰম্ভন সূচী অনুষ্ঠিত কৰাৰ প্ৰস্তুতি সম্পন্ন কৰিছে । উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি সেৱক চুতীয়া আৰু যুটীয়া সম্পাদক পদ্মাৱতী কোচে জানিবলৈ দিয়া মতে ৩০ ডিচেম্বৰৰ দিনা পুৱা ৯ বজাত পতাকা উত্তোলনৰ পাছতে জয়ন্তীৰ মূল মণ্ডপৰ লাই খুঁটা স্থাপন কৰিব উদযাপন সমিতিৰ মুখ্য পৃষ্ঠপোষক তথা বিধায়ক নৱ কুমাৰ দলেয়ে

দুপৰীয়া ১১ বজাত প্ৰাক্তন ছাত্ৰৰ বিশেষ সভা অনুষ্ঠিত হোৱাৰ পৰৱৰ্তী সময়ত মূল সভা অনুষ্ঠিত হ'ব উদযাপন সমিতিৰ সভাপতি ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ সভাপতিত্বত। সভাত মূল বক্তা হিচাপে উপস্থিত থাকিব অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোঁহাই বৰুৱা আৰু তেজপুৰৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা, সাহিত্য অকাডেমী বঁটা ২০২২ প্ৰাপক ঢকুৱাখনাৰ গৌৰৱ ড০ জুৰি দত্তই।

উদযাপন সমিতিয়ে উক্ত শুভাৰম্ভন দিৱসৰসমূহ কার্যসূচীত শিক্ষাব্ৰতী ৰাইজ, অভিভাৱক, প্ৰাক্তন শিক্ষক কৰ্মচাৰী, শিক্ষাৰ্থী,শুভাকাংক্ষী ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে ।

ক্লিক কৰি পঢ়কঃ সাৱধান ! সুৰা সেৱন কৰি গাড়ী চলাই ভৰিছে ১০ হাজাৰ, জব্দ হৈছে অনুজ্ঞাপত্ৰ...