মুখ্য-পৃষ্ঠা

যান-বাহন আইন মানি চলা এজনী গাই! ভাইৰেল VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ নতুন যান-বাহন আইন কাৰ্যকৰী হোৱাৰপৰা বৃদ্ধি পাইছে পূৰ্বতকৈ আইন উলংঘা কৰাৰ জৰিমনা। আৰু একাংশ লোকে ভৰিব লগা হৈছেবহু পৰিমানৰ জৰিমনাও। তাৰ মাজতে ভাইৰেল হৈ পৰিছে এটা ভিডিঅ'। আৰু এই ভিডিঅ'টোশ্বেয়াৰ কৰিছে বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি জিণ্টাই।

দৰাচলতে প্ৰীতি জিণ্টাই শ্বেয়াৰ কৰিছে এটা গাইৰ ভিডিঅ'। আৰু ভিডিঅ'টোত দেখা গৈছে যে, গাইজনীয়ে পালন কৰিছে যান-বাহন নিয়ম। ৰেড লাইট জ্বলাৰ বাবে আন বাহনসমূহৰ লগতে গাইজনীও ৰৈ গৈছে পথৰ ওপৰত। অভিনেত্ৰীগৰাকীয়ে ভিডিঅ' শ্বেয়াৰ কৰাৰ লগতে লিখিছে- 'এই গাইজনীক চাওঁক আৰু নতুন যান-বাহন আইন পালন কৰাটো শিকক…।'

উল্লেখ্য যে, ১ ছেপ্টেম্বৰৰ পৰা নতুনযান-বাহন আইন কাৰ্যকৰী হৈছিল। আৰু নতুন যান-বাহন আইন উলংঘা কৰাসকলে ভৰিব লগা হৈছেপূৰ্বতকৈ অদিক জৰিমনা। এনে পৰিস্থিতিত এটি গাইয়ে এনেদৰে ট্ৰেফিক নিয়ম মানি চলাটোওএক উদাহৰণ ট্ৰেফিক ছিংগনেলৰ লগতে যান-বাহন আইন উলংঘা কৰা সকলৰ বাবে।