মুখ্য-পৃষ্ঠা

ৰাম মন্দিৰক লৈ দিল্লী-লক্ষ্ণৌৰ এ চি ৰূমত চলি আছে ৰাজনীতিঃ প্ৰকাশ ৰাজ

asomiyapratidin

ডিজিটেল ডেস্কঃ আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সাজু হোৱা বিশিষ্ট অভিনেতা প্ৰকাশ ৰাজে শুকুৰবাৰে ৰাম মন্দিৰ প্ৰসংগত মন্তব্য প্ৰকাশ কৰে। তেওঁ সংবাদমাধ্যমৰ আগত কয়- 'কোনে বি'লুৰু চেন্ট্ৰেলৰ পৰা নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব? ৰাম মন্দিৰক লৈ দিল্লী আৰু লক্ষ্ণৌৰ এ চি ৰূমত বহি ৰাজনীতি কৰি থকা হৈছে। মই সংবাদমাধ্যমক প্ৰত্যাহ্বান জনাইছো যে, এবাৰ অযোধ্যালৈ যাওঁক আৰু তাত কেনেদৰে মানুহবোৰে পথত জীৱন নিৰ্বাহ কৰে চাওঁক। এই ৰাম ৰাজ্যখনকে তেওঁলোকে গঢ়িবলৈ বিচাৰিছে নেকি?