মুখ্য-পৃষ্ঠা

শপত লওঁতেই প্ৰজ্ঞা সিং ঠাকুৰৰ নামক লৈ বিতৰ্ক লোকসভাত, চাওঁক VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ লোকসভা সংসদলৈ প্ৰথমবাৰলৈ নিৰ্বাচিত হৈ যোৱা প্ৰজ্ঞা সিং ঠাকুৰে আজি সাংসদ ৰূপে শপত লোৱা সময়ত ঘটিল অঘটন। তিনিবাৰকৈ শপত ল'ব লগা হ'ল বিজেপি সাংসদগৰাকীয়ে। শপত লোৱা সময়তে নামক লৈ সৃষ্টি হৈছিল বেমেজালি।

লোকসভা নিৰ্বাচিত সাংসদগৰাকীয়ে তেওঁ শপত লোৱা সময়ত সাধৱী প্ৰজ্ঞা সিং ঠাকুৰ পুৰ্ণ চেতনান্দ অৱদেশানন্দ গিৰি বুলি উল্লেখ কৰে। ইয়াকে লৈ বিৰোধীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। নামক লৈ সৃষ্টি হোৱা এই বিতৰ্কৰ মাজতে প্ৰজ্ঞা সিং ঠাকুৰে কয় তেওঁ নামৰ সৈতে এই নাম লিখিছিল। কিন্তু কংগ্ৰেছৰ সাংসদসকলে তেওঁৰ ধৰ্মীয় গুৰুৰ নাম ইয়াৰ সৈতে সংযোগ কৰাত আপত্তি দৰ্শায়।

কি হৈছিল সেই সময়ত চাওঁক এই ভিডিঅ'ত-

বিৰোধীয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত তেওঁৰ ৰেকৰ্ড চোৱাৰ পাছতহে বিজেপি সাংসদগৰাকীয়ে সম্পূৰ্ণ শপতগ্ৰহণ লয়। লোকসভা অধ্যক্ষগৰাকীয়ে তেওঁৰ পৰা প্ৰমাণপত্ৰ বিচাৰে প্ৰজ্ঞা সিং ঠাকুৰৰ পৰা।