মুখ্য-পৃষ্ঠা

ৰাজ কুন্দ্ৰাই লাভ কৰিলে জামিন…

asomiyapratidin

ডিজিটেল ডেস্কঃ জনপ্ৰিয় অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী আৰু পৰ্ণগ্ৰাফ ঘটনাৰে জড়িতৰ মুল অভিযুক্ত ৰাজ কুন্দ্ৰাই লাভ কৰিলে জামিন। উল্লেখ্য যে, কুন্দ্ৰাক গ্ৰেপ্তাৰ কৰা প্ৰায় দুমাহ পাছত মুম্বাইৰ আদালতে জামিন প্ৰদান কৰিছে। ৫০ হাজাৰ টকা জৰিমনা বিহাৰো নিৰ্দেশ দিছে ন্যায়ালয়ে। যোৱা বৃহস্পতিবাৰে মুম্বাই আৰক্ষীয়ে এই ঘটনাক লৈ ১৪০০ পৃষ্ঠাৰ এক ছাৰ্জশ্বিট ন্যায়ালয়ত দাখিল কৰিছিল।

তাৰপাছত ৰাজ কুন্দ্ৰাই শনিবাৰে জামিনৰ বাবে আৱেদন জনাই কয় যে- তেওঁক এইবোৰত ফচোৱাৰ চেষ্টা কৰা হৈছে আৰু ছাৰ্জশ্বিটত এই সন্দৰ্ভত কোনো প্ৰমাণ নাই বুলি উল্লেখ কৰে। উল্লেখ্য যে, ৰাজ কুন্দ্ৰাক যোৱা ১৯ জুলাইৰ নিশা গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।