মুখ্য-পৃষ্ঠা

আৰক্ষীৰ জালত প্ৰৱঞ্চকঃ ৮০ জন লোকৰ পৰা আত্মসাৎ ৮ কোটি টকা…

asomiyapratidin

ডিজিটেল ডেস্কঃ দেশজুৰি ৮০ জনতকৈ অধিক লোকৰ পৰা প্ৰায় ৮ কোটি লুট কৰা এজন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ৪১ বছৰীয়া এই লোক জনক আটক কৰিবলৈ সক্ষম হৈছে দিল্লী আৰক্ষী।

লোকজনক গোপাল দলপতি বুলি জানিব পৰা গৈছে। শুকুৰবাৰে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় লোকজনক। তেওঁ মানুহক বিভিন্ন প্ৰলোভনেৰে সংগ্ৰহ কৰিছিল এই ধনৰাশি। বিশেষকৈ কলিকতা আৰু দিল্লী চহৰত এই কাম সংঘটিত কৰি নিখোজ হৈ আছিল তেওঁ।

উল্লেখ্য যে, বেংকত একাউন্ট খোলাৰ অজুহাতত মানুহৰ পৰা সংগ্ৰহ কৰিছিল এই ধন। ইয়াৰ বাবে অধিক সুত দিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আছিল লোকজন। আৰক্ষীৰ ভাষ্য অনুসৰি প্ৰায় ৩ বছৰৰ পূৰ্বে তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু হৈছিল আৰু ইয়াৰ পিছৰে পৰাই সঘনাই ঠিকনা সলনি কৰি আছিল অপৰাধীজনে।