মুখ্য-পৃষ্ঠা

দিল্লীত আফ্ৰিকান নাগৰিকৰ উপদ্ৰৱঃ আৰক্ষীৰ শূন্যলৈ গুলী…

asomiyapratidin

ডিজিটেল ডেস্কঃ দক্ষিণ-পশ্চিম দিল্লীৰ এখন আৰক্ষী থানাৰ বাহিৰত হুলস্থূলীয়া পৰিবেশ সৃষ্টি কৰাৰ লগতে আৰক্ষীক আক্ৰমণ কৰাৰ দৰে ঘটনা সংঘটিত কৰিছে ৫৩ জন আফ্ৰিকাৰ নাগৰিকে।এইদৰে আৰক্ষী থানাৰ সন্মুখতে আৰক্ষীক আক্ৰমণ কৰা বাবে এই ৫৩ জন আফ্ৰিকাৰ নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে।

জানিব পৰা মতে আফ্ৰিকান নাগৰিকসকলে থানাখনৰ সন্মুখত প্ৰথমে এক হুলস্থুলীয়া পৰিবেশৰ সূচনা কৰিছিল। যাৰ ফলত থানাৰ বাহিৰৰ পৰিস্থিতিৰ অৱনতি ঘটিছিল। পৰিস্থিতি এনে পৰ্যায় পাইছিলগৈ যে আৰক্ষীয়ে শূন্যলৈ গুলীচালনাৰ কৰিবলৈও বাধ্য হৈছিল। এক সংঘাটময় পৰিৱেশৰ মাজতে মৃত্যু হৈছিল এজন আফ্ৰিকান নাগৰিকৰ মৃত্যুৰ পিছত হৈছিল।

আৰক্ষীয়ে জনোৱা অনুসৰি, এজন আফ্ৰিকান ব্যক্তিৰ সন্দেহজনক পৰিস্থিতিত দিল্লীৰ এখন চিকিৎসালয়ত মৃত্যু হৈছিল। পিছত চিকিৎসকে তেওঁৰ বন্ধুসকলক এই বিষয়ে আৰক্ষীক অৱগত কৰিবলৈ কৈছিল। কিন্তু তেওঁৰ বন্ধুসকলে আৰক্ষীক অৱগত নকৰাকৈ মৃতদেহটো কঢ়িয়াই নিয়াৰ বাবে জোৰ দিছিল। ফলস্বৰূপে চিকিৎসালয় কৰ্তৃপক্ষই আৰক্ষীক মাতিব লগা হৈছিল।

ইয়াৰ পিছত মোহন বাগিচা আৰক্ষী থানাৰ বাহিৰত এই আফ্ৰিকা নাগৰিকসকলে ভিৰ কৰিছিল আৰু আৰক্ষীক আক্ৰমণৰ দৰে ঘটনাও সংঘটিত কৰিছিল। আৰক্ষীয়ে কৈছে যে ২০ ৰ পৰা ২৫ জন আফ্ৰিকান নাগৰিকে আৰক্ষী চকীত প্ৰৱেশ কৰিছিল আৰু থানাৰ ভিতৰৰ বয়বস্তু লণ্ডভণ্ড কৰিছিল। ইয়াৰোপৰি আৰক্ষী থানাৰ বাহিৰত ৰখা বাহনসমূহো ক্ষতিগ্ৰস্ত কৰিছিল। যাৰ পিছত আৰক্ষীয়ে শূন্যলৈ গুলী চালনা কৰিব লগা হৈছিল। ঘটনাৰ সন্দৰ্ভত ৫৩ জন আফ্ৰিকান নাগৰিকৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছে।