মুখ্য-পৃষ্ঠা

পশুতকৈয়ো অধম এই প্ৰেমিক! কি কৰিলে চাওক VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ পশুতকৈয়ে কিমান অধম হ'লে এনে কাণ্ড সংঘটিত কৰিব পাৰে মানুহে? দিল্লীত এজন আৰক্ষী বিষয়াৰ উদণ্ড পুত্ৰই এটা বিপিঅ'ৰ ভিতৰত প্ৰেয়সীক প্ৰহাৰ কৰা দৃশ্যই আপোনাকো কন্দুৱাই তুলিব।

দিল্লীৰ তিলক নগৰত সংঘটিত এই ঘটনাটো ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। যোৱা ২ ছেপ্তেম্বৰত উত্তম নগৰৰ বিপিঅ' এটাত এই দৃশ্য কোনো অজ্ঞাত লোকে ৰেক'ৰ্ড কৰি এৰি দিছিল ছ'চিয়েল মিডিয়াত।

যিটো বিপিঅ'ত এই কাণ্ড সংঘটিত হৈছে সেইটোৰ গৰাকীজন উদণ্ড আৰক্ষী বিষয়াৰ পুত্ৰ ৰোহিত টোমৰৰ বন্ধু আলী হাছান বুলি জানিব পৰা গৈছে। বন্ধুৰ বিপিঅ'টোত কিছুদিন ধৰি ২১ বৰ্ষীয় যুৱতীগৰাকীয়ে কাম কৰিবলৈ লৈছিল বুলি আৰক্ষীয়ে জনাইছে।

ভিডিঅ' চাওক (সতৰ্কীকৰণঃ The following video is violent/graphic)

উল্লেখ্য যে, দিল্লী আৰক্ষীৰ সহকাৰী উপ পৰিদৰ্শক হিচাপে কৰ্মৰত অশোক সিং টোমৰৰ উদণ্ড পুত্ৰ ৰোহিত বজৰং দলৰো এজন সক্ৰিয় সদস্য। ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে যদিও পলাতক ৰোহিতক এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব পৰা হোৱা নাই।

ইফালে, পুত্ৰৰ এই কাণ্ডৰ পিছতে ছুটী লৈ যোৱা দুই-তিনিদিন ধৰি মোবাইল ফোন ছুইটছ অফ কৰি ৰাখিছে আৰক্ষী বিষয়া অশোক সিং টোমৰে।