মুখ্য-পৃষ্ঠা

কবিতা / ৯ সপোনৰ মায়াজাল

asomiyapratidin

-লক্ষীপ্ৰিয়া দাস

উজাগৰী জোনাকী নিশা

শব্দৰ ছন্দ মিলাই মিলাই

নিমিলা সাঁথৰৰ উত্তৰ বিচাৰি

লিখিম বুলি ভাবিছোঁ,

এক নিস্তব্ধ সংজ্ঞা বিহীন কবিতা।

অন্ধ কোঠাৰ মাজত এগছি

শিখাৰ স্নিগ্ধ পোহৰ বিচাৰি,

মোৰ মৌন হৃদয়ত

জোনাকী উৎসাহেৰে সুৰভি কৰি তোলা,

শব্দৰ জালেৰে পাতিম বুলি

ভাবিছোঁ এক সপোনৰ মায়াজাল।