মুখ্য-পৃষ্ঠা

চিলনী চোৰৰ দপদপনি! প্রধানমন্ত্ৰী মোডীৰ ভতিজীৰ বেগেই ঠপিয়াই লৈ গ’ল ২ দুৰ্বৃত্তই…

asomiyapratidin

ডিজিটেল ডেস্কঃ দিল্লীত সংঘটিত হ'ল লুণ্ঠনৰ ঘটনা। কিন্তু এই লুটপাতৰ ভুক্তভোগীগৰাকী কোনো সাধাৰণ ব্যক্তি নহয়। তেওঁ হৈছে খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভতিজী। দৰাচলতে দিল্লীৰ ভি ভি আই পি এলেকাৰ চিভিল লাইন্সত সংঘটিত হয় এই ঘটনা।

দুই দুৰ্বৃত্তই এখন স্কুটীত আহি প্ৰধানমন্ত্ৰী মোডীৰ ভতিজী দময়ন্তী মোডীৰ হাতৰ পৰা বেগটো কাঢ়ি লৈ যায়। য'ত আছিল ধনৰ লগতে তেওঁৰ প্ৰয়োজন নথিপত্ৰসমূহো। ইফালে এই ঘটনা সংঘটিত হোৱাৰ পাছতে প্ৰশ্ন উঠিছে সাধাৰণ লোকৰ নিৰাপত্তাক লৈ।

ভুক্তভোগী দময়ন্তী মোডী প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাতৃপ্ৰহ্লাদ ভাই মোডীৰ কন্যা। ইতিমধ্যে ঘটনা সন্দৰ্ভত দময়ন্তী মোডীয়ে ৰুজু কৰিছে একগোচৰ। উল্লেখ্য যে, শনিবাৰে পুৱা অমৃতসৰৰ পৰা দিল্লীলৈ উভতিছিল তেওঁ। আৰু তেওঁৰৰূম বুক কৰা হৈছিল চিভিল লাইন এলেকাৰ গুজৰাটী সমাজ ভৱনত। আৰু গুজৰাটী সমাজ ভৱনৰগেটত অ'টোৰ পৰা নমাৰ পাছতেই দুৰ্বৃত্তই ঠপিয়াই লৈ গ'ল তেওঁৰ বেগটো।