মুখ্য-পৃষ্ঠা

কলকাতালৈ অহাটো মোৰ বাবে এক আৱেগিক ক্ষণঃ প্রধানমন্ত্ৰী মোডী…

asomiyapratidin

ডিজিটেল ডেস্কঃ নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তী অৰ্থাৎ পৰাক্ৰম দিৱস শনিবাৰে সমগ্ৰ দেশজুৰি উদযাপন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কলকাতাত এই দিৱসত অংশগ্ৰহণ কৰে। কলকাতাত উপস্থিত হোৱাৰ পাছত প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰথমে উপস্থিত হয় নেতাজী ভৱনত। প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰায় ১৫ মিনিট সময় তাত কটায়।

তাৰপাছত প্ৰধানমন্ত্ৰী মোডীয়ে নেশ্যনেল লাইব্ৰেৰীৰ এটা সংগ্ৰহালয় উদ্বোধন কৰে। ভিক্টোৰীয়া মেম'ৰিয়েলত আয়োজিত মুখ্য কাৰ্যসূচীত অংশ লৈ তেওঁ কয় যে আজি কলকাতালৈ অহাটো মোৰ বাবে অতি আৱেগিক কৰা এক ক্ষণ। শৈশৱত মই যেতিয়াই নেতাজী সুভাষ চন্দ্ৰ বসুৰ নাম শুনো, তেতিয়াই এক নতুন শক্তি লাভ কৰো।

লগতে তেওঁ কয়- 'আজিৰ দিনটোতে ভাৰতত এই বীৰ সন্তানে জন্মগ্ৰহণ কৰিছিল। তেওঁ স্বাধীন ভাৰতৰ সপোনক এক নতুন দিশ দিছিল। আজিৰ দিনটোতে গোলামীৰ আন্ধাৰত এই চেতনা ফুটি উঠিছিল, যিয়ে পৃথিৱীৰ আটাইতকৈ শক্তিশালী শাসকৰ সন্মুখত থিয় হৈ কৈছিল মই স্বাধীনতা বিচৰা নাই, কাঢ়ি ল'ম।'