মুখ্য-পৃষ্ঠা

জনসংঘৰ প্ৰতিষ্ঠাপক শ্যামা প্ৰসাদ মুখাৰ্জীৰ আজি জন্ম জয়ন্তী…

asomiyapratidin

ডিজিটেল ডেস্কঃ জনসংঘৰ প্ৰতিষ্ঠাপক শ্যামা প্ৰসাদ মুখাৰ্জীৰ আজি জন্ম জয়ন্তী। ১৯০১চনত আজিৰ দিনটোতে(৬ জুলাই)কলকাতাত জন্ম হৈছিল মুখাৰ্জীৰ। জন্ম জয়ন্তীৰ দিনটোত দেশৰ প্ৰধানমন্ত্ৰী, উপ ৰাষ্ট্ৰপতিকে আদি কৰি বহুকেইজন ৰাজনৈতিক নেতাই তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটাৰত লিখে, শ্যামা প্ৰসাদ মুখাৰ্জীৰ জন্ম জয়ন্তীক তেখেতক স্মৰণ কৰা লগতে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁ এগৰাকী প্ৰকৃত দেশভক্ত। বিকশিত ভাৰতত তেওঁৰ অৱদান অতুলনীয়। ভাৰতৰ একতাৰ এনাজৰীডাল শক্তিশালী কৰাত তেওঁৰ ডাঙৰ ভূমিকা আছে। তেখেতৰ আদৰ্শ আৰু বিচাৰধাৰাই দেশৰ লাখা লাখ লোকক প্ৰেৰণা দিয়ে।