মুখ্য-পৃষ্ঠা

কানপুৰত হঠাৎ বাগৰি পৰিল প্ৰধানমন্ত্ৰী মোডী, চাওক VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ পিছল খালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। কানপুৰৰ অটল ঘাটত এক অনুষ্ঠানত অংশ লবলৈ যাওতে পিছল খাই পৰে প্ৰধানমন্ত্ৰীগৰাকী। শনিবাৰে অটল ঘাটত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় গংগা পৰিষদৰ এক বৈঠকত অংশ লবলৈ যাওতে স্বভাৱ সুলভ ভাৱেই উঠি গৈছিল কেইবাটাও ষ্টেপ।

হঠাৎ পিছল খাই পৰা মোডীয়ে নিজকে চম্ভালি ললেও হামখুৰি খোৱা এই দৃশ্য ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। কোনোবাই লিখিছে মোডী এই দৰে হঠাৎ পিছল খাই দৃশ্য তেওঁ ৰাজনৈতিক জীৱনৰ ভৱিষ্যতৰ ইংগিত। অৱশ্যে একাংশ সমৰ্থকে মোডী এই হামখুৰি খোৱা ঘটনাত উদ্বেগ ব্যক্ত কৰাৰ লগতে তেওঁৰ অধিক সচেতন হৈ চলা-ফুৰা কৰা পৰামৰ্শ প্ৰদান কৰিছে।