মুখ্য-পৃষ্ঠা

ৰাজনৈতিক বংশবাদ লোকতন্ত্ৰৰ আটাইতকৈ ডাঙৰ শত্ৰুঃ প্ৰধানমন্ত্ৰী মোডী…

asomiyapratidin

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে কয় যে, ৰাজনৈতিক বংশবাদক লোকতন্ত্ৰৰ সকলোতকৈ ডাঙৰ শত্ৰু আৰু পুলিয়ে পোখাই উভালি পেলোৱা উচিত যাতে যুৱ প্ৰজন্মই সক্ৰিয়ভাৱে ৰাজনীতিত অংশ ল'ব পাৰে।

মঙলবাৰে এক ভিডিও' কনফাৰেন্সযোগে ৰাষ্ট্ৰীয় যুৱ সাংসদ মহোৎসৱৰ সমাপন অনুষ্ঠান সম্বোধন কৰি তেওঁ কয় যে, দেশক নতুন উচ্চতালৈ লৈ যোৱা আৰু আত্মনিৰ্ভৰশীল ভাৰত নিৰ্মাণৰ দায়িত্ব দেশৰ যুৱ প্ৰজন্মৰ হাতত। প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে লোকতন্ত্ৰৰ আটাইতকৈ ডাঙৰ শত্ৰু ৰাজনৈতিক বংশবাদ বুলি উল্লেখ কৰি এতিয়া কেৱল উপাধি এটাক লৈ নিৰ্বাচন খেলা আৰু নিৰ্বাচনত জয় লাভ কৰা আৰু সহজ হৈ নাথাকিব বুলিও মন্তব্য কৰে।