মুখ্য-পৃষ্ঠা

ভাৰত-নেপালৰ সংযুক্ত সহযোগত নিৰ্মিত দক্ষিণ এছিয়াৰ প্ৰথমটো পেট্ৰ’লিয়াম পাইপলাইন উদ্বোধন প্ৰধানমন্ত্ৰী মোডীৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে মোতিহাৰ আৰু নেপালৰ অমলেখগঞ্জৰ মাজৰ পেট্ৰলিয়াম সংযোগ পাইপ লাইনৰ উদ্বোধন কৰে। নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলীৰ সৈতে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে পাইপলাইনৰ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয়, 'এয়া সন্তুষ্টিৰ বিষয় যে দক্ষিণ এছিয়াৰ প্ৰথমটো ক্ৰছ-বৰ্ডাৰ পেট্ৰ'লিয়াম পাইপলাইনৰ কাম নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ হৈছে। দৰাচলতে এই পাইপলাইন নিৰ্মাণৰ কাম আনুমানিক সময়ৰো পূৰ্বেই সম্পন্ন হৈছে।'

দুই ৰাষ্ট্ৰৰ মাজৰ পেট্ৰ'লিয়াম পাইপলাইন নিৰ্মাণৰ কৃতিত্ব নেপাল চৰকাৰ আৰু দুই দেশৰ সংযুক্ত প্ৰয়াসক অৰ্পণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয়, '২০১৫ চনৰ নেপালৰ সংহাৰী ভূমিকম্পৰ পিছত যেতিয়া নেপালৰ পুণৰ্নিমানৰ কাম হাতত লোৱা হৈছিল তেতিয়া ভাৰতে চুবুৰীয়া আৰু বন্ধু ৰাষ্ট্ৰৰূপে সহযোগ আগবঢ়াইছিল। আমাৰ সংযুক্ত প্ৰয়াসত নেপালৰ গোৰখা আৰু নুৱাকোট জিলাত পুনৰ গৃহ নিৰ্মাণ আঁচনি সম্পন্ন কৰাৰ বাবে আনন্দিত হৈছো।'