মুখ্য-পৃষ্ঠা

লাডাখত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীঃ স্থল আৰু বায়ু সেনাৰ লগতে আইটিবিপিৰ বিষয়াৰে আলোচনা…

asomiyapratidin

ডিজিটেল ডেস্কঃ লাডাখত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। শুকুৰবাৰে পুৱাৰ ভাগত উপস্থিত হয়গৈ প্ৰধানমন্ত্ৰীগৰাকী। বৰ্তমান তেওঁ লাডাখৰ নিমুত আছে বুলি জানিব পৰা গৈছে। লাডাখত উপস্থিত হোৱাৰ পাছতে তেওঁ স্থল, বায়ু সেনাৰ লগতে আইটিবিপিৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে আলোচনাত বহিছে।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত থকা উক্ত স্থান ভূ-গৰ্ভৰ পৰা ১১,০০০ ফুট উচ্চতাত অৱস্থিত বুলি জানিব পৰা গৈছে। ইন্দু নদীৰ পাৰত অৱস্থিত উক্ত স্থান হৈছে এক অতি দুৰ্গম এলেকা।