মুখ্য-পৃষ্ঠা

দীপাৱলীঃ দেশবাসীক ভাৰতীয় বীৰ সেনা জোৱানসকলৰ নামত চাকি জ্বলাবলৈ আহ্বান প্রধানমন্ত্ৰীৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ দীপাৱলী উদযাপনৰ বাবে সাজু হৈছে দেশবাসী। সমগ্ৰ দেশতে শনিবাৰে চাকি বন্তি জ্বলাই দেশবাসীকে উদযাপন কৰিব পোহৰৰ এই উৎসৱ। ইফালে, দীপাৱলীৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰী মোডীয়ে চলিত বৰ্ষৰ দীপাৱলী ৰাষ্ট্ৰৰ হকে প্ৰাণ আহুতি দিয়া বীৰ সেনা জোৱানসকলৰ নামত উৎসৰ্গিত কৰাৰ বাবে জনাইছে আহ্বান।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবৰ্ষৰ দীপাৱলীত দেশৰ ৰক্ষাৰ স্বাৰ্থত সাহসেৰে যুঁজ দিয়া ভাৰতীয় সেনা জোৱানসকলৰ নামত এগচিকৈ চাকি জ্বলোৱাৰ বাবে আহ্বান জনায়। তেওঁ কয়- আমাৰ জোৱান সকলে মাতৃভূমিক ৰক্ষাৰ বাবে কৰা  ত্যাগক শব্দৰে ন্যায় দিব নোৱাৰি, আমি তেওঁলোকৰ পৰিয়ালৰ প্ৰতিও দায়বদ্ধ হ'ব লাগিব।