মুখ্য-পৃষ্ঠা

এবাৰ দুবাৰ নহয়, এইবাৰৰ সৈতে লালকিল্লাত ষষ্ঠবাৰলৈ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে…

asomiyapratidin

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাত ষষ্ঠবাৰৰ বাবে সমগ্ৰ দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা। স্বাধীনতা দিৱসত দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে জম্মু-কাশ্মীৰৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে লোৱা সিদ্ধান্ত, দেশৰ অৰ্থনৈতিক অৱস্থাকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ দিশত নিজৰ বিচাৰ-বিবেচনা ব্যক্ত কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, প্রধানমন্ত্ৰী হিচাপে দ্বিতীয়টো কাৰ্যকালত প্ৰথমবাৰৰ বাবে স্বাধীনতা দিৱসত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে। ইফালে, দলটোৰ নেতাসকলৰ মতে, জম্মু-কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ ধাৰা বাতিল কৰাৰ সিদ্ধান্ত প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰাৰ সম্ভাৱনা আছে।

কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰ আৰু লাডাখক কেন্দ্ৰীয় শাসিত প্ৰদেশ হিচাপে বিভক্ত কৰাৰ পাছত প্ৰধানমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছিল যে, দুয়োখন প্ৰদেশৰ নিবাসীয়ে বিকাশ আৰু শান্তি লাভ কৰিব। ইফালে, স্বাধীনতা দিৱসৰ পূৰ্বে জম্মু-কাশ্মীৰৰ অতিৰিক্ত মহানিৰ্দেশক মুনিৰ খানে কয় যে, ৰাজ্যখনৰ বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে। আৰু লগতে কয়- জম্মুত সকলো প্ৰতিবন্ধকতা আঁতৰাই লোৱা হৈছে।

ইফালে, প্ৰতিৰক্ষা মন্ত্ৰণালয়ে বুধবাৰে জনায় যে, দিল্লীত ৪১খন চৰকাৰী বিদ্যালয়ৰ ৩৫০০ শিক্ষাৰ্থী, ৫ হাজাৰ শিশু আৰু ১৭খন বিদ্যালয়ৰ এন চি চি কেডিটে প্ৰধানমন্ত্ৰীগৰাকীৰ ভাষণস্থলীত 'নয়া ভাৰত' অৰ্থাৎ নতুন ভাৰত ৰচনা কৰিব।

তাৰপাছত নিৰাপত্তাৰ সকলো দিশ চোৱাচিতা কৰাৰ পাছত প্ৰধানমন্ত্ৰী মোডীক লালকিল্লাৰ প্ৰাচীৰ অভিমুখে আগুৱাই যাবলৈ দিয়া হ'ব। প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনাবলৈ উপস্থিত থাকিব প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং, মন্ত্ৰী শ্ৰীপদ য়ছেনাইক, সেনা মুৰব্বী বিপিন ৰাৱাট, বায়ুসেনা মুৰব্বী মাৰ্শ্বল বীৰেন্দ্ৰ সিং ধনোৱা আৰু নৌসেনা মুৰব্বী এডমিৰল কৰ্মবীৰ সিং।