মুখ্য-পৃষ্ঠা

ধুটি-কুৰ্তা পিন্ধি অযোধ্যালৈ ৰাওনা হ’ল নৰেন্দ্ৰ মোদী…

asomiyapratidin

ডিজিটেল ডেস্কঃ অৱশেষত বহু প্ৰত্যাশিত আৰু বহু অপেক্ষিত দিনটো আহি পালে। এক ঐতিহাসিক দিনৰ সাক্ষী হৈ ৰ'ব সমগ্ৰ দেশ বাসী। কিয়নো বুধবাৰে সমাপন হ'ব ৰাম জন্ম ভূমিৰ শিলান্যাস।

ৰাম মন্দিৰৰ শিলান্যাস কাৰ্যসূচীত অংশ ল'বলৈ ইতিমধ্যে অযোধ্যালৈ ধুটি-কুৰ্তা পিন্ধি ৰাওনা হৈছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। পুৱা ৯.৩৫ মিনিটত ৰাওনা হোৱা প্ৰধানমন্ত্ৰী অযোধ্যাত উপস্থিত হ'ব ১১.৩০ মিনিটত।

ইতিমধ্যে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে অযোধ্যাত। ৰাম জন্ম ভূমিত উপস্থিত হৈছেগৈ ভাৰতী জনতা পাৰ্টীৰ উপ সভানেত্ৰী উমা ভাৰতীৰ লগতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ লগতে বিভিন্ন স্থানৰ পৰা অহা ধৰ্মীয় গুৰুসকল।