narendra modi
narendra modi  
মুখ্য-পৃষ্ঠা

শেষ হ'ব ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ ! প্ৰধানমন্ত্ৰী মোডীয়ে ভলোডিমিৰ জেলেনস্কিক দিলে পৰামৰ্শ...

Asomiya Pratidin

ডিজেটেল ডেস্কঃ অসমাপ্ত এখন যুদ্ধ। বিশ্ব সমুদায়ক বিমোৰত পেলোৱা এই যুঁজখন যিমান সোনকালেই সমাপ্ত হ'ব সিমানেই বিশ্বৰ বাবেই মংগল। এই যুঁজখনৰ বাবেই বিশ্ব অৰ্থনীতি দুৰ্বল হৈ পৰিছে।

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ এই যুঁজখনক লৈ চিন্তিত বিশ্ব সমুদায়। কাৰোপক্ষে এই যুঁজখনৰ সমাপ্তি ঘটোৱাটো সম্ভৱ হৈ থকা নাই। ভাবুকি, প্ৰতিবন্ধকতা সকলো চেষ্টাই ব্যৰ্থ হৈছে।

ইয়াৰ মাজতে আকৌ ৰাষ্ট্ৰসংঘৰ মজিয়াত ৰাছিয়া আৰু ইউক্ৰেইনৰ যুঁজখন সমাপ্ত কৰিব পৰা একমাত্ৰ ব্যক্তিজন ভাৰতীয় প্ৰধানমন্ত্ৰী বুলিও একাংশ ৰাষ্ট্ৰনেতাই মন্তব্য কৰা পৰিলক্ষিত হৈছে।

তাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়। প্ৰধানমন্ত্ৰী মোডীয়ে এই টেলিফোনিক বাৰ্তালাপৰ সময়ত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীক শত্ৰুতা দ্ৰুততাৰে সমাপ্ত কৰি ৰাছিয়াৰ সৈতে আলোচনা কৰাৰ লগতে কূটনীতিৰ পথ অনুসৰণৰ পোষকতা কৰে।

ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী মোডীয়ে এই বাৰ্তালাপৰ সময়ত ৰাষ্ট্ৰসংঘৰ চাৰ্টাৰ, আন্তঃৰাষ্ট্ৰীয় আইন, সাৰ্বভৌমত্ব আৰু সকলো ৰাষ্ট্ৰৰে আঞ্চলিক অখণ্ডতাক সন্মান জনোৱাৰ গুৰুত্বৰ কথাও দোহাৰে। তেওঁ ইউক্ৰেইনকে ধৰি পাৰমাণৱিক প্ৰতিষ্ঠানসমূহৰ সুৰক্ষা আৰু নিৰাপত্তাক ভাৰতে গুৰুত্ব প্ৰদান কৰে বুলি মন্তব্য কৰে।