মুখ্য-পৃষ্ঠা

অ’ মমতা দিদি, আপোনাৰ চৰো মোৰ বাবে আশীৰ্বাদঃ প্ৰধানমন্ত্ৰী মোডী… VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃবৃহস্পতিবাৰে পুৰুলিয়াত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। পুৰুলিয়াত এক জনসভাত অংশ লয় প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেওঁ জনসভাত কয়- 'মোক কোৱা হৈছে যে দিদিয়ে মোক চৰ মাৰিব বিচাৰে। দিদি, অ' মমতা দিদি, মই আপোনাক দিদি বুলি সম্বোধন কৰো। আপোনাৰ সন্মান কৰো। আপোনাৰ চৰো মোৰ বাবে আশীৰ্বাদ হ'ব। আপোনাৰ চৰো খাম লাগিলে।'

উল্লেখ্য যে, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতাবেনাৰ্জীয়ে কিছুদিন পূৰ্বে কৈছিল যে- 'মোৰ বাবে টকা-পইচাৰ কোনো মূল্য নাই। যেতিয়া নৰেন্দ্ৰমোডী যেতিয়া পশ্চিবংগলৈ আহি মোৰ দলক টেক্স কালেক্টৰ বুলি অভিযোগ দিছিল, তেতিয়াতেওঁক গণতন্ত্ৰৰ এটা চৰ সোধাব বিচাৰিছিলো।'