মুখ্য-পৃষ্ঠা

দেশত কোৰোনা ভাইৰাছে সৃষ্টি কৰা পৰিস্থিতি সন্দৰ্ভত নজৰ ৰাখিছে প্ৰধানমন্ত্ৰীয়েঃ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধন…

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ ফলত চীনকে ধৰি বিভিন্ন দেশৰ কেইবা হাজাৰ লোক আক্ৰান্ত হোৱাৰ পাছত ভাৰততো ইয়াৰ প্ৰভাৱ পৰা দেখা পোৱা গৈছে। কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড০ হৰ্ষবৰ্ধনে সম্বোধন কৰে এক সংবাদমেল।

সংবাদমেলত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকয়ে কয় যে- দেশৰ বিমানবন্দৰসমূহত প্ৰায় ডেৰ লাখৰো অধিক যাত্ৰীক এই ভাইৰাছত আক্ৰান্ত বুলি তথ্য লাভ কৰা হৈছে। কোৰোনো ভাইৰাছৰ এই ভয়াৱহতাৰ প্ৰতি নজৰ ৰাখিছে খোদ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

লগতে তেওঁ জনাই যে, বৰ্তমানলৈ চীনতেই ৪৮ হাজাৰৰো অধিক লোক কোৰোনা ভাইৰাছত আক্ৰান্ত বুলি জানিব পৰা গৈছে। ১৩১০জন লোকৰ মৃত্যুও হৈছে। তদুপৰি ২৮খনকৈ দেশৰ নাগৰিক আক্ৰান্তত হৈছে এই ভাইৰাছত।

ড০ হৰ্ষবৰ্ধনে লগতে কয়- কোৰোনা ভাইৰাছত আক্ৰান্তলোকসকলৰ ভিতৰৰ ৫৭০জন চীনৰ বাহিৰৰ। অহা ১৭ জানুৱাৰীৰ পৰাসকলো ৰাজ্যলৈ এডভাইজৰী জাৰি কৰা হৈছিল। আৰু তেতিয়াৰে পৰা সকলো ৰাজ্যৰ পৰিস্থিতিসন্দৰ্ভত স্বাস্থ্য মন্ত্ৰালয়ে নজৰ ৰাখিছে। প্ৰায় ৬৪৫জন যাত্ৰী চীনৰ ৱুহান চহৰৰপৰা ঘূৰাই অনাও হৈছে ভাৰতলৈ। আৰু এই যাত্ৰীসকলৰ ১১ ফেব্ৰুৱাৰীলৈ পৰীক্ষা কৰা হৈছে।য'ত তেওঁলোক এই ভাইৰাছত আক্ৰান্ত নহয় বুলিও জানিব পৰা গৈছে।