মুখ্য-পৃষ্ঠা

কন্যাৰ বিয়ালৈ প্ৰধানমন্ত্ৰীক নিমন্ত্ৰণ জনোৱা ৰিক্সা চালক মংগল কেৱটৰ অৱশেষত পূৰণ হ’ল সপোন…

asomiyapratidin

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সংসদীয় সমষ্টি বাৰানসীৰ এজন ৰিক্সা চালকৰ দুৰ্বাহ হেঁপাহ আছিল প্ৰধানমন্ত্ৰীক এবাৰ সাক্ষাৎ কৰাৰ। প্ৰধানমন্ত্ৰীৰ অনুগামী এই ৰিক্সা চালকজনেই হৈছে মংগল কেৱট। বাৰানসীৰ ডোমৰীৰ নিৱাসী মংগল কেৱটৰ কন্যাৰ বিবাহ সম্পন্ন হৈ যায় যোৱা ৮ ফেব্ৰুৱাৰীত। মংগল কেৱটে কন্যাৰ বিয়াৰ প্ৰথম নিমন্ত্ৰণ জনাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক। তেওঁ নিজেই দিল্লীলৈ গৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত দি থৈ আহিছিল প্ৰধানমন্ত্ৰীৰ বাবে নিমন্ত্ৰণী পত্ৰ।

অৱশ্যে এই বিয়ালৈ প্ৰধানমন্ত্ৰী নাহিলেও মংগল কেৱটৰ কন্যালৈ আশীৰ্বাদ আৰু যুগ্ম জীৱনৰ শুভকামনা যাঁচি প্ৰেৰণ কৰিছিল চিঠি। প্ৰধানমন্ত্ৰীৰ সেই চিঠি লাভ কৰি আনন্দত আত্মহাৰা হৈ পৰিছিল মংগল কেৱট আৰু তেওঁৰ পত্নী ৰেণু দেৱী। আনহাতে ১৬ ফেব্ৰুৱাৰীত বিভিন্ন কাৰ্যসূচী হাতত লৈ সংসদীয় সমষ্টিত বাৰানসীত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোডী। সেই সময়ত প্ৰধানমন্ত্ৰী মোডীক এবাৰ লগ পোৱাৰ সপোনৰ কথা সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে মংগল কেৱটে।

অৱশেষত প্ৰধানমন্ত্ৰীক ওচৰৰ পৰা লগ পোৱাৰ সপোন পূৰণ হ'ল মংগল কেৱটৰ। ১৬ ফেব্ৰুৱাৰীত বাৰানসী ভ্ৰমণ কালত প্ৰধানমন্ত্ৰী কিছু সময়ৰ বাবে মংগল কেৱট আৰু তেওঁৰ পৰিয়ালক সাক্ষাৎ কৰি তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয়।

উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দ্বাৰা অনুপ্ৰাণিত হৈ মংগল কেৱটে অকলেই নিজ গাঁৱত গংগা নদীৰ পাৰ স্বচ্ছ কৰাৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে। প্ৰধানমন্ত্ৰী মোডীৰ সাক্ষাৎকালত তেওঁৰ এই স্বচ্ছ ভাৰত অভিযানৰো প্ৰশংসা কৰে মোডীয়ে।