মুখ্য-পৃষ্ঠা

স্মাৰ্ট ফোন টিপি পাৰ কৰা সময়ৰ পৰা ১০ মিনিট উলিয়াই পৰিয়ালৰ সৈতে কটাই চোৱাঃ ‘পৰীক্ষা পে চৰ্চা’ত শিক্ষাৰ্থীক পৰামৰ্শ প্ৰধানমন্ত্ৰী মোডীৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ দেশৰ শিক্ষাৰ্থীসকলে অৱতীৰ্ণ হ'বলগা বিভিন্ন পৰীক্ষাসমূহৰ প্ৰাকক্ষণত সোমবাৰে দিল্লীৰ তালকতোৰা ষ্টেডিয়ামত শিক্ষাৰ্থীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ 'পৰীক্ষা পে চৰ্চা' অনুষ্ঠিত হয়। অনুষ্ঠানত অংশ লোৱা দেশৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোডীয়ে পোনপোটীয়াকৈ বাৰ্তালাপ কৰাৰ লগতে পৰীক্ষাৰ সময়ত উদ্বিগ্নতা দূৰ কৰা, কৌশলৰ সঠিক প্ৰয়োগ, শিক্ষাৰ মহত্ব আদি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত চৰ্চা কৰে। উল্লেখ্য যে, সোমবাৰে অনুষ্ঠিত হোৱা প্ৰধানমন্ত্ৰীৰ 'পৰীক্ষা পে চৰ্চা'ৰ এয়া তৃতীয় সংস্কৰণ আছিল।

অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰথমে শিক্ষাৰ্থীসকলৰ নৱবৰ্ষ, ২০২০ৰ ওলগ জনায়। তেওঁ কয় যে শিক্ষাৰ্থীসকলৰ সৈতে অনুষ্ঠিত কৰা এই অনুষ্ঠানেই তেওঁক সকলোতকৈ অধিক আনন্দ প্ৰদান কৰে। তেওঁ কয়, 'আমি বিফলতাৰ পৰাও সফলতাৰ শিক্ষা লাভ কৰিব পাৰো। কোনো বিষয়ত যদি তোমালোক বিফল হৈছা, তেন্তে ইয়াৰ অৰ্থ এয়া নহয় যে তোমালোক হাৰি গৈছা, ইয়াৰ অৰ্থ এয়া যে তোমালোকে সফলতাৰ দিশলৈ এখোজ আৰু আগবাঢ়িবলৈ সক্ষম হৈছা।'

পৰীক্ষাৰ নম্বৰেই জীৱন অৰ্থ নহয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, 'জনা নজনাকৈ আমি সেই পথেৰে গতি কৰিছো যি পথত সফলতা আৰু বিফলতাৰ মুখ্য বিন্দু কিছু বিশেষ পৰীক্ষাত লাভ কৰা নম্বৰৰ ওপৰত নিৰ্ভৰ কৰে। যাৰ বাবে আমি এক প্ৰতিযোগিতাৰ সন্মুখীন হ'ব লগা হয় যে আমি অধিক নম্বৰ লাভ কৰিব লাগে পৰীক্ষাত। কিন্তু কেৱল পৰীক্ষাৰ নম্বৰেই আমাৰ জীৱন নহয়। এটা পৰীক্ষাই আমাৰ জীৱনৰ অৰ্থ নিৰ্ধাৰণ নকৰে। পৰীক্ষা এক গুৰুত্বপূৰ্ণ অধ্যায়। কিন্তু এয়াই আমাৰ সকলো, তেনেদৰে ভৱা অনুচিত।'

সোমবাৰে 'পৰীক্ষা পে চৰ্চা'ত চন্দ্ৰযানৰ বিষয়ো উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে। তেওঁ কয়, চন্দ্ৰ অভিযানৰ সময়ত তোমালোকে ওৰে নিশা সাৰে আছিলা, অথচ চন্দ্ৰযান প্ৰেৰণত তোমালোকৰ কোনো যোগদান নাছিল। তথাপি তোমালোকে এক দৃঢ় মনেৰে চন্দ্ৰযানৰ সফলতালৈ ৰৈ আছিলা, যেন সেই অভিযান তোমালোকেহে কৰিছা। যেতিয়া সেয়া বিফল হ'ল, তেতিয়া সমগ্ৰ দেশ হতাশ হৈছিল। কেতিয়াবা বিফলতাই আমাক হতাশ কৰি পেলায়। কিন্তু সেই বিফলতাৰ কথাই আমি চিন্তা কৰি থকা অনুচিত।'

প্ৰযুক্তি সন্দৰ্ভত ক'বলৈ গৈ মোডীয়ে কয় যে আমি কেতিয়াও টেকনিকৰ গোলাম হ'ব নালাগে। তেওঁ কয়, 'টেকনিকক নিজৰ বন্ধু কৰি গঢ়ি তোলক। বিজ্ঞান আৰু প্ৰযুক্তিৰ আমাৰ জীৱনত যথেষ্ট প্ৰভাৱ আছে। কিন্তু আমি প্ৰযুক্তিৰ গোলাম হৈ পৰিব নালাগে। তোমালোকে স্মাৰ্ট ফোনত যিমান সময় অতিবাহিত কৰা, তাৰে ১০ মিনিট সময় উলিয়াই পৰিয়ালৰ সৈতে পাৰ কৰিবলৈ শিকা। প্ৰযুক্তিয়ে আমাক নিজৰ ফাললৈ আকৰ্ষণ কৰে, কিন্তু আমি তাৰ পৰা বাচি থকা উচিত। আমাৰ মনত সেই ধাৰণা স্পষ্ট হৈ থকা উচিত যে আমি প্ৰযুক্তিৰ ব্যৱহাৰ নিজৰ মতেহে কৰিম।'