মুখ্য-পৃষ্ঠা

‘কা’ নাগৰিকত্ব কাঢ়ি লোৱাৰ আইন নহয়, নাগৰিকত্ব প্ৰদান কৰাহে আইনঃ পশ্চিম বংগত প্ৰধানমন্ত্ৰী মোডী VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ পশ্চিম বংগত প্ৰধানমন্ত্ৰী মোডীৰ আজি দ্বিতীয় দিন। স্বামী বিবেকানন্দৰ জন্মজয়ন্তীৰ সৈতে সংগতি ৰাখি সমগ্ৰ দেশৰ লগতে পশ্চিম বংগ বেলুৰত পালন কৰা ৰাষ্ট্ৰীয় যুৱ দিৱসত অংশ লৈ মোডীয়ে কা'ক লৈ কৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য।

স্বামী বিবেকানন্দৰ প্ৰসংগৰে ভাষণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে নাগৰিকত্ব সংশোধনী আইনক লৈ কয়, কা নাগৰিকত্ব কাঢ়ি লোৱাৰ আইন নহয়, নাগৰিকত্ব প্ৰদান কৰাহে আইন। দেশৰ যুৱ প্ৰজম্মই এই কথা আজি বুজি পাইছে কিন্তু দেশৰ একাংশ নেতাই এই কথাই বুজিও নুবুজাৰ ভাও ধৰি আছে।'

লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়, আমাৰ চৰকাৰে সেই কামকে কৰি আছে, যি কাম কৰিবলৈ জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈ গৈছিল। পাকিস্তানৰ প্ৰতাৰিত লোক সকলক পুনৰ পাকিস্তানলৈ ঘূৰাই পঠোৱাতো উচিত হব নেকি বুলি প্ৰশ্ন কৰে প্ৰধানমন্ত্ৰী মোডীয়ে। উল্লেখ্য যে, বেলুৰৰ এই কাৰ্যসূচীৰ পাছত পুৱা ১১ বজাত প্ৰধানমন্ত্ৰী গৰাকীয়ে কলকাতাৰ পৰ্ট টাষ্ট্ৰৰ এক বৈঠকত অংশ লব।