মুখ্য-পৃষ্ঠা

৭০ বছৰে কৰিব নোৱাৰা কাম আমি ৭০ দিনত কৰিছোঃ লালকিল্লাত প্ৰধানমন্ত্ৰী, LIVE UPDATES

asomiyapratidin

ডিজিটেল ডেস্কঃ ষষ্ঠ বাৰৰ বাবে নিশ্ছিদ্ৰ নিৰাপত্তাৰ মাজত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লালকিল্লাত উত্তোলন কৰিলে দেশৰ জাতীয় পতাকা। পতাকা উত্তোলনৰ পাছতে নৰেন্দ্ৰ মোডীয়ে দেশবাসীক সম্বোধন কৰি স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে।

দেশবাসীক সম্বোধন কৰি মোডীয়ে কয়, 'নতুন চৰকাৰ গঠন হোৱা ১০ টা সপ্তাহ সম্পূৰ্ণ হৈছে। এই সময়তে সংবিধানৰ ৩৭০ ধাৰা আকৰ পয়ত্ৰিশ (ক) অনুচ্ছেদ প্ৰত্যাহাৰ কৰি আমি চৰ্দাৰ পেটেলৰ সপোন পুৰন কৰিলো। যি কাম ৭০ বছৰে হোৱা নাছিল, সেই কাম আমি ৭০ দিনত কৰিলো। আমি সমস্যা পালন কৰি নাথাকো বা সমস্যাক প্ৰশ্চয় নিদি সমাধানৰ পথ মোকলাও।

৩ টালাকৰ দৰে আইন প্ৰস্তুত কৰি আমি মুছলমান মহিলাৰ চকুপানী মচিছো। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিব পৰা বহু আইন আমি অধিক শক্তিশালী কৰিছো। দুইখন সদনতে সংখ্যাগৰিষ্ঠতাৰ সমৰ্থনেৰে গৃহীত হৈছে আইন বোৰ। জনগণে আমাক যি কাম দিছে, আমি সেই কামে কৰিছো। আমাৰ নিজৰ বুলি কবলৈ একো নাই।'

প্ৰধানমন্ত্ৰী গৰাকীয়ে জম্মু-কাশ্মীৰ পুনৰ গঠনৰ সন্দৰ্ভত কয় যে, '৩৭০ ধাৰাই জম্মু-কাশ্মীৰত দুৰ্নীতি আৰু সন্ত্ৰাসবাসৰ জন্ম দিছে। এই ধাৰাই জম্মু-কাশ্মীৰক ভাৰতৰ পৰা পৃথক কৰি ৰাখিছে। এতিয়া দেশ এক হৈছে। আৰু শক্তিশালী হৈছে ভাৰত।

আমাৰ সপোন দেশে নতুন উচ্চতাত আৰোহন কৰিব। সমগ্ৰ বিশ্বত নিজৰ স্থান মজবুত কৰিব। দেশৰ পৰা দৰিদ্ৰতা হ্ৰাস কৰাটোৱেই হৈছে আমাৰ মুল লক্ষ্য। এক উজ্বল ভৱিষ্যতৰ বাবে বিগত ৫ টা বছৰত দৰিদ্ৰতা নিৰ্মূল কৰিবলৈ চৰকাৰে সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।

একবিংশ শতিকাৰ এই সময়ত দেশে এক নতুন ৰূপ লৈছে। নতুন আন্তঃগাঁথনি নিৰ্মাণ হৈছে। চৰকাৰে সিদ্ধান্ত লৈছে যে, নতুন আন্তঃগাঁথনিৰ বাবে চৰকাৰে নিয়োগ কৰিব এশ লাখ কোটি টকা। দেশৰ অৰ্থব্যৱস্থাৰ মৌলিক অৱদানসমূহ যথেষ্ট মজবুত। এই উপাদানসমূহে দেশক আগুৱাই লৈ যোৱাত সহায়ক হ'ব।'