মুখ্য-পৃষ্ঠা

ইলেক্ট্ৰনিক সংবাদ মাধ্যমক লৈ সৰ্বোচ্চ ন্যায়ালয়ত আৱেদন দাখিল…

asomiyapratidin

ডিজিটেল ডেস্কঃ ইলেক্ট্ৰনিক সংবাদ মাধ্যমৰ সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছে এক আৱেদন। এই আৱেদন দাখিল কৰা অধিবক্তাগৰাকীয়ে ইয়াত উল্লেখ কৰিছে যে, সংবাদ মাধ্যমৰ স্বাধীনতাৰ নামত ইলেক্ট্ৰনিক চেনেলসমূহৰ দ্বাৰা ব্যক্তিগত,  ধৰ্মীয় আৰু ৰাজনৈতিক সংগঠনসমূহৰ গৰিমাক হত্যা কৰা হৈছে। আৰু এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে সৰ্বোচ্চ ন্যায়ালয়ক দিহা-পৰামৰ্শ দিব লাগে।

উল্লেখ্য যে, অধিবক্তা ৰিপক কাঞ্চালে দাখিল কৰিছে এই আৱেদন। আৰু আৱেদনখনত তেওঁ কৈছে যে, বহু এনে ইলেক্ট্ৰনিক চেনেল আছে যিবোৰে ধৰ্মীয় আৰু ৰাজনৈতিক সংগঠনসমূহৰ বিৰুদ্ধে সংবাদমাধ্যমৰ স্বাধীনতাৰ নামত খবৰ সম্প্ৰচাৰ কৰিছে।

অধিবক্তাগৰাকীয়ে সৰ্বোচ্চ ন্যায়ালয়ক 'অনিয়ন্ত্ৰিত আৰু অনিয়মিত' ইলেক্ট্ৰনিক চেনেলসমূহৰ সন্দৰ্ভত উচিত নিৰ্দেশ জাৰি কৰাৰ বাবে আৱেদন জনাইছে। আৱেদনখনত অধিবক্তা কাঞ্চালে লগতে লিখিছে যে- দেশত বাতৰি সম্প্ৰচাৰৰ মান উন্নত আৰু নিয়ন্ত্ৰণৰ বাবে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক এক নিৰ্দেশ জাৰি কৰিব লাগে। যাৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰে ব্ৰডকাষ্ট অথৰিটী অৱ ইণ্ডিয়া চমুকৈ বিআৰআইএক নিয়ন্ত্ৰণ কৰিব পাৰিব।