মুখ্য-পৃষ্ঠা

কাতি বিহুৰ দিনাই কোকৰাঝাৰৰ কচুগাওঁত উদ্ধাৰ আমেৰিকাত নিৰ্মিত পিষ্টল, চীনত নিৰ্মিত হেণ্ডগ্ৰেণেড…

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কাতি বিহুৰ দিনাই কোকৰাঝাৰত উদ্ধাৰ হৈছে আমেৰিকাত নিৰ্মিত পিষ্টল আৰু গুলী বাৰুদ । কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশানে সদৰি কৰা অনুসৰি এক বিশেষ সূত্ৰৰ পম খেদি কচুগাওঁ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আনন্দ ৰাভাৰ নেৰ্তৃত্বত আৰক্ষী আৰু অষ্টম অসম আৰক্ষী বেটেলিয়নৰ অভিযানকাৰী দল এটাই ভাৰত -ভূটান সীমান্তবৰ্তী পেপচু বনাঞ্চলৰ অন্তৰ্গত বৰিমাখা , মইনাগুৰীত অভিযান চলাই লুকাই থোৱা অৱস্থাৰ পৰা আমেৰিকাত নিৰ্মিত ৯ এমএম পিষ্টল আৰু মেগজিন এটা , ফেক্টৰীত নিৰ্মিত ৭পইণ্ট ৬৫এমএম পিষ্টল আৰু মেগজিন এটা , তিনিজাঁই সজীৱ গুলী আৰু এটা চীনত নিৰ্মিত হেণ্ডগ্ৰেণেড উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । অৱশ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অদ্যপি কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ।