মুখ্য-পৃষ্ঠা

ফোন ছাৰ্জিঙৰ সময়ত অৱলম্বন কৰক এই ১০ টা উপায়, নহ’লে হ’ব পাৰে বিপদ…

asomiyapratidin

ডিজিটেল ডেস্কঃ ফোন ছাৰ্জিঙৰ সময়ত বিস্ফোৰণ হোৱা ঘটনা নতুন নহয়। প্ৰায়ে এনে ঘটনা সংঘটিত হোৱা খবৰ পোৱা যায়। এনে ঘটনাৰ ফলত বহুলোকে প্ৰাণো হেৰুৱাইছে। অসাৱধনতাৰ বাবেই সংঘটিত হয় এনে ঘটনা। কিন্তু কেইটামান সাৱধানতা অৱলম্বন কৰিলেই এনে বিপদৰ পৰা হাত সাৰিব পাৰি।

তেনে ১০ টা উপায়-

১. কেতিয়াও অন্য ফোনৰ ছাৰ্জাৰ ব্যৱহাৰ কৰিব নালাগে। পৰাপক্ষত ফোনটোৰ সৈতে অহা অৰজিনেল ছাৰ্জাৰে ব্যৱহাৰ কৰিব লাগে।

২. যদি ফোনৰ বেটেৰী সলনি কৰে। তেন্তে মেনোফেকছাৰ বেটেৰীয়ে ক্ৰয় কৰক।

৩. ছাৰ্জিঙৰ সময়ত ফোন কেতিয়াও কাগজ অথবা কাপোৰৰ দৰে সহজে জ্বলিব পৰা সামগ্ৰীৰ ওপৰত নাৰাখিব।

৪. ছাৰ্জিঙৰ সময়ত ফোনটো কেতিয়াও ৰদৰ পোহৰত থব নালাগে।

৫. ছাৰ্জিঙৰ সময়ত ফোনৰ ওপৰত হেঁচা দি কোনো সামগ্ৰী থব নালাগে।

৬. ছাৰ্জিঙৰ সময়ত পৰাপক্ষত ফোনটো কভাৰৰ পৰা উলিয়াই থব লাগে।

৭. ফোনটো কেতিয়াও অধিক সময় ছাৰ্জত লগাই থব নালাগে।

৮. বেটেৰী ক্ৰয় কেৱল ছাৰ্ভিছ চেন্টাৰৰ পৰাহে কৰিব লাগে।

৯. পাৱাৰ ষ্ট্ৰিপৰ জৰিয়তে কেতিয়াও মোবাইল ছাৰ্জ দিব নালাগে।

১০. ফোন ছাৰ্জ কৰা সময়ত ইন্টাৰনেট অথবা মোবাইল ফোনটো ব্যৱহাৰ কৰিব নালাগে।