মুখ্য-পৃষ্ঠা

ফেঠাই ঘূৰ্ণি বতাহৰ তাণ্ডৱ, অন্ধ্ৰপ্ৰদেশৰ ১৪হাজাৰ হেক্টৰ কৃষিভূমি বিনষ্ট

asomiyapratidin

ডিজিটেল ডেস্কঃ অন্ধ্ৰপ্ৰদেশত তাণ্ডৱ অব্যাহত ফেঠাই ঘূৰ্ণি বতাহৰ। ফেঠাই ঘূৰ্ণি বতাহৰ ফলত বিগত কেইদিনমানতেই ৰাজ্যখনৰ বহু ঠাইত লাখ লাখ টকাৰ ক্ষতিসাধন হৈছে। ৰাজ্যখনৰ বহু ঘৰ-দুৱাৰ, কৃষিভূমিৰ বিস্তৰ ক্ষতি-সাধন হৈছে এই ঘূৰ্ণি বতাহৰ ফলত।

মঙলবাৰেও ফেঠাই ঘূৰ্ণি বতাহৰ ফলত ৰাজ্যখনৰ পূৱ গোদাৱৰী জিলাখনৰ প্ৰায় ১৪,০০০ হেক্টৰ কৃষিভূমি ধ্বংস হয়। বৰ্তমান কৃষক ৰাইজে বহু লোকচানৰ সন্মুখীন হৈছে ইয়াৰ ফলত।