মুখ্য-পৃষ্ঠা

নামৰূপত হ’ব স্থায়ী বাছ আস্থান আৰু উন্নত  ড্ৰেইনৰ  ব্যৱস্থাঃ বিধায়ক তৰংগ গগৈৰ ঘোষণা…

asomiyapratidin

ডিজিটেল সংবাদ, নামৰূপঃ  কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈৰ উপস্থিতিত নামৰূপপৌৰ সভাৰ  দহটা ৱাৰ্ডৰ নিৰ্বাচিত দহ গৰাকী    প্ৰতিনিধিয়ে  শপত গ্ৰহণ কৰে। নামৰূপ  পৌৰসভা কাৰ্য্যালয়ৰ স্থায়ী প্ৰেক্ষাগৃহত অনুষ্ঠিত  শপত গ্ৰহণ অনুষ্ঠানত নামৰূপ পৌৰসভাৰ  সভাপতি হিচাপে প্ৰশান্ত গগৈয়ে আৰু  উপ সভাপতি হিচাপে   নিতু সোনোৱালে  শপত গ্ৰহণ কৰে ।

জয়পুৰ মণ্ডলৰ উপ সভাপতি শৰৎ হাজৰিকাই আঁত ধৰা অনুষ্ঠানটিত দহটা ৱাৰ্ডত নিৰ্বাচিত  সাত গৰাকী  বিজেপিৰ প্ৰাৰ্থী দুগৰাকী  বিজেপিৰ মিত্ৰ জোঁট অসম গণ পৰিষদৰ  প্ৰাৰ্থী আৰু এগৰাকী অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীক   শপত বাক্য পাঠ কৰোৱাই পৌৰসভাৰ  কাৰ্যবাহী বিষয়া কৌস্তুভ কলিতাই। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা বিধায়ক তৰংগ গগৈয়ে নিৰ্বাচিত  প্ৰাৰ্থী সকলক অভিনন্দন জনোৱাৰ লগতে  ভাষণ প্ৰসংগত  কয় যে  উদ্যোগ নগৰী হিচাপে  খ্যাত  নামৰূপ চহৰ খনত কৰিব লগীয়া  বহু কাম আছে।

তাৰ ভিতৰত  শীঘ্ৰেই চহৰ খনত  ড্ৰেইনৰ ব্যৱস্থা  কৰাৰ লগতে    নামৰূপত এখন স্থায়ী বাছ আস্থানৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণৰ অৰ্থে   অসম ৰাজ্যিক পৰিবহন  নিগমৰ পৰিত্যক্ত আস্থানটো  পাব্লিক বাছ ষ্টেণ্ড হিচাপে নিৰ্মাণৰ কাম আৰম্ভ কৰা হব বুলি সভাত ঘোষণা কৰে  বিধায়ক গৰাকীয়ে। 

সভাত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে পৌৰ সভাৰ  নতুন কমিটিক উদ্দেশ্যি অভিনন্দন সূচক ভাষণ প্ৰদান কৰে। সভাত জয়পুৰ  মণ্ডলৰ সভাপতি মৃদুল কলিতা, নামৰূপৰ  উপআৰক্ষী  অধীক্ষক নৱ কুমাৰ বৰা, নামৰূপ থানাৰ ভাৰ প্ৰাপ্ত বিষয়া নীল কমল বৰা, পৌৰ সভাৰ কৰ্মকৰ্তা উপস্থিত থাকে আদি উপস্থিত থাকে।