মুখ্য-পৃষ্ঠা

মুখ্যমন্ত্ৰী হিচাপে নহয়, ফটোত এইবাৰ অতিথি পৰায়ণ মহিলা হিচাপে মমতা বেনাৰ্জী

asomiyapratidin

ডিজিটেল ডেস্কঃ কেৱল মুখ্যমন্ত্ৰী হিচাপেই নহয়, এইবাৰ এগৰাকী প্ৰকৃত ভাৰতীয় অতিথি পৰায়ণ মহিলা হিচাপেও দেখা পোৱা গ'ল মমতা বেনাৰ্জীক। হাত খোৱা বস্তৰ ট্ৰে লৈ ইজন পিছত সিজন অতিথিক অপ্যায়ন কৰা মমতা বেনাৰ্জীৰ সেই ৰূপ ফটো আকাৰে এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

আগন্তুক লোকসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি সৃষ্টি হৈছে বিৰোধীৰ মহাজোঁটবন্ধন। বিজেপিক প্ৰতিহত কৰিবলৈ এই মহাজোঁট বন্ধনত অংশীদাৰ হৈছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও। ইতিমধ্যে পশ্চিম বংগত অনুষ্ঠিত বিগ্ৰেড ৰেলীত দেখা পোৱা গ'ল কংগ্ৰেছকে ধৰি বিৰোধী দলৰ নেতৃবৃন্দক। সেই ৰেলীৰ পিছতে মমতা বেনাৰ্জীৰ অতিথি অপ্যায়নৰ ছবি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

মমতা বেনাৰ্জীৰ সেই ছবি ছ'চিয়েল মিডিয়াত আপলোড কৰে নিজকে আৰ জে ডি নেতা তেজস্বী যাদৱৰ প্ৰাক্তন ৰাজনৈতিক পৰামৰ্শদাতা বুলি দাবী কৰা সঞ্জয় যাদৱ নামৰ এজন লোকে। দুখন পৃথক ছবিৰ এখনত মমতা বেনাৰ্জীয়ে তেজস্বী যাদৱক অপ্যায়িত কৰি থকাৰ বিপৰীতে আন এখনত হাৰ্দিক পেটেলক অপ্যায়ন কৰি থকা দেখা গৈছে। এই ছবি ভাইৰেল হৈ পৰাৰ পিছতে বহু লোকে মমতা বেনাৰ্জীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰাৰ বিপৰীতে আন একাংশই 'এয়া এখন মুখা'হে বুলিও তীক্ষ্ন সমালোচনা কৰা পৰিলক্ষিত হয়।

উল্লেখ্য যে, মমতা বেনাৰ্জীয়ে আয়োজন কৰা বৃহৎ ৰেলীত প্ৰাক্তন প্রধানমন্ত্ৰী এছ ডি দেৱগৌড়া, এন চি পি প্ৰধান শৰদ পাৱাৰ, সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেশ যাদৱ, কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লা, আপৰ অধ্যক্ষ অৰবিন্দ কেজিৰৱাল, ডি এম কেৰ প্ৰধান এম কে ষ্টালিন, কংগ্ৰেছৰ দুই জ্যেষ্ঠ নেতা ক্ৰমে মল্লিকাৰ্জুন খাৰ্গে আৰু অভিষেক মনু সিংভিৰ দৰে বিৰোধীৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত আছিল।