vote
vote  
মুখ্য-পৃষ্ঠা

এবছৰতকৈ অধিক সময় জম্মুত বাস কৰিলেই লাভ কৰিব ভোট দানৰ অধিকাৰ....

Asomiya Pratidin

ডিজিটেল ডেস্ক: আগন্তুক বৰ্ষত জম্মু আৰু কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে আৰু অহা এমাহৰ ভিতৰত ভোটাৰ তালিকাৰ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ মাজতে জম্মুৰ উপায়ুক্ত অৱনী লাভাছাই ভোটাৰ পঞ্জীয়নৰ বাবে নতুন নিৰ্দেশ জাৰি কৰিছে।

মঙলবাৰে জাৰি কৰা এই নিৰ্দেশ অনুসৰি, এবছৰতকৈ অধিক সময় ধৰি জম্মুত বাস কৰি থকা লোক সকলক নতুন ভোটাৰ হিচাপে পঞ্জীয়ন কৰা হ'ব । অৰ্থাত যদি এজন বাহিৰৰ লোকও এবছৰতকৈ অধিক সময় জম্মুত বাস কৰে, তেন্তে তেওঁ ভোটদানৰ অধিকাৰ লাভ কৰিব পাৰে।

উপাযুক্তৰ নিৰ্দেশৰ পাছতেই বহুতে ইয়াৰ বিৰোধিতা কৰিছে। নেশ্যনেল কনফাৰেন্সে ইয়াৰ বিৰোধিতা কৰি কয় যে বিজেপিয়ে ২৫ লাখ অস্থানীয় লোকক ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ এই ষড়যন্ত্ৰ কৰিছে।