মুখ্য-পৃষ্ঠা

পাটনাত পঞ্চম শ্ৰেণীৰ ছাত্ৰীক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু সহায়কৰ বলাৎকাৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ বিহাৰৰ পাটনাত সংঘটিত হ'ল এক জঘন্য ঘটনা। এখন বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু সহায়কয়ে বলাৎকাৰ কৰিলে এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীক।

জানিব পৰা মতে, লম্পট প্ৰধান শিক্ষক আৰু সহায়কজনে প্ৰায় ৯মাহ ধৰি ছাত্ৰীগৰাকীক চলাই আহিছিল এই নিৰ্যাতন। যাৰফলত অৱশেষত ছাত্ৰীগৰাকী সন্তান সম্ভৱা হয়। ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।