মুখ্য-পৃষ্ঠা

নিৰ্ভয়া ঘাটকৰ ফাঁচীৰ নতুন তাৰিখক লৈ বৃহস্পতিবাৰে শুনানি…

asomiyapratidin

ডিজিটেল ডেস্কঃ নিৰ্ভয়া কাণ্ডৰ ৪ অপৰাধীৰ ফাঁচীৰ তাৰিখ সন্দৰ্ভত বৃহস্পতিবাৰে শুনানি গ্ৰহণ কৰিব দিল্লীৰ পাটিয়ালা হাউচ আদালতে। তিহাৰ জে'ল কৰ্তৃপক্ষই ৪ দোষীৰ বিৰুদ্ধে নতুন ডেথ ৱাৰেণ্ট জাৰিৰ বাবে দাখিল কৰা আবেদনখনৰ শুনানি বৃহস্পতিবাৰে দিনৰ ২ বজাত গ্ৰহণ কৰিব আদালতে।

উল্লেখ্য যে, নিৰ্ভয়া কাণ্ডৰ ৪ অপৰাধী ক্ৰমে- অক্ষয় ঠাকুৰ, বিনয় শৰ্মা, মুকেশ সিং আৰু বিনয় শৰ্মাই ইতিমধ্যে ক্ষমা আবেদনকে ধৰি সকলো ধৰণৰ আইনী বিকল্পৰ ইতিমধ্যে প্ৰয়োগ কৰিছে। ইফালে বুধবাৰে দোষী পৱন গুপ্তাৰো ক্ষমাৰ আবেদন খাৰিজ কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে। তাৰ পিছতে দোষীৰ বিৰুদ্ধে নতুন ফাঁচীৰ তাৰিখ নিৰ্ধাৰণৰ বাবে আদালতত আবেদন জনায় তিহাৰ জে'ল কৰ্তৃপক্ষই।

আনহাতে বৃহস্পতিবাৰে পাটিয়ালা হাউচ আদালতৰ শুনানিক লৈ আশা ব্যক্ত কৰিছে নিৰ্ভয়াৰ মাতৃ আশা দেৱীয়ে। ৩ বাৰকৈ দোষীৰ ফাঁচী পিছুৱাই দিয়াৰ পিছত আইনৰ ওপৰত আস্থা হেৰুৱাই পেলোৱা বুলি মন্তব্য কৰা আশা দেৱীয়ে বৃহস্পতিবাৰে কয় যে, দোষীয়ে যিহেতু ইতিমধ্যে সকলো আইনী বিকল্পৰ প্ৰয়োগ কৰিছে, গতিকে নতুন ডেথ ৱাৰেণ্ট জাৰি কৰিব পাৰে আদালতে। যদি তেনে হয়, তেন্তে পলমকৈ হ'লেও নিৰ্যাতিতা নিৰ্ভয়াই ন্যায় পাব বুলি মন্তব্য কৰে মাতৃ আশা দেৱীয়ে।