মুখ্য-পৃষ্ঠা

প্লাষ্টিকৰ বেগ লৈ কৰিব নোৱাৰিব ৰে’ল যাত্ৰা…

asomiyapratidin

ডিজিটেল ডেস্কঃ প্লাষ্টিকৰ বেগ বা পলিথিন লৈ ৰে'ল যাত্ৰা কৰিব নোৱাৰিব। কোনো যাত্ৰীয়ে যদি এনে সামগ্ৰী লৈ ৰে'ল যাত্ৰা কৰিম বুলি ভাবিছে তেন্তে ৰে'ল যাত্ৰাৰ আশা বাদ দিয়াই ভাল। ৰে'ল মন্ত্ৰণালয়ে এই সন্দৰ্ভত জাৰি কৰিছে কঠোৰ নিৰ্দেশনা।

চলিত বৰ্ষৰ ২ অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব এই নিৰ্দেশ। নিৰ্দেশ যাতে ৰে'লযাত্ৰীসকলে মানি চলে তাৰ ওপৰত চকু দিবলৈ ৰে'লৱেৰ সকলো ইউনিটক সতৰ্ক কৰি দিছে ৰে'ল মন্ত্ৰণালয়ে। এবাৰ ব্যৱহাৰ কৰি পেলাই দিয়া প্লাষ্টিকৰ সামগ্ৰী, যিবোৰৰ ঘনত্ব ৫০ মাইক্ৰ'নৰ কম, তেনে সামগ্ৰী এতিয়াৰ পৰা কোনো ৰে'ল যাত্ৰীয়ে কঢ়িয়াব নোৱাৰিব।

পৰিৱেশ প্ৰদূষণৰ প্ৰতি সজাগতা আৰু প্লাষ্টিকৰ পেলনীয়া সামগ্ৰীৰে ভৰি পৰা জাৱৰে ৰে'ল কৰ্তৃপক্ষক প্ৰায়ে অসুবিধাত পেলায়। এনে সামগ্ৰী পেলাই দিয়াৰ ফলত সততে লেতেৰা হয় ৰে'লৱে ষ্টেছনসমূহ। এক প্ৰদূষণমুক্ত পৰিৱেশ আৰু ইক' ফ্ৰেইণ্ডলী ব্যৱস্থা গঢ়ি তুলিবৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে ৰে'ল মন্ত্ৰণালয়ে।