মুখ্য-পৃষ্ঠা

থ্ৰী-ডি প্ৰিণ্টিঙেৰে নিৰ্মাণ হৃদপিণ্ডৰ অংগ…

asomiyapratidin

ডিজিটেল ডেস্কঃ বৰ্তমানৰ তথ্য প্ৰযুক্তিৰ যুগত কোনো কাম অসম্ভৱ বুলি ক'ব নোৱাৰি। সাগৰৰ গভীৰতাৰ পৰা মহাকাশলৈ সকলোতে তথ্য প্ৰযুক্তিৰ দিশত মানৱ জাতিয়ে নিজৰ দখল স্পষ্ট কৰি আহিছে। শেহতীয়াকৈ আমেৰিকাৰ বৈঞ্জানিকে থ্ৰী-ডি বায়'প্ৰিণ্টিং আৰু নতুন প্ৰযুক্তিৰ দ্বাৰা জীৱিত কোষ আৰু প্ৰটিনেৰে মানুহৰ হৃদপিণ্ড বিভিন্ন অংগ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে।

বৈজ্ঞানিকসকলে দাবী কৰে মতে, ভৱিষ্যতে এই প্ৰযুক্তিৰ দ্বাৰা মানুহৰ সম্পূৰ্ণ হৃদপিণ্ড নিৰ্মাণ কৰিব পৰা যাব। আমেৰিকাৰ কাৰ্ণেগী মেল'ন বিশ্ববিদ্যালয়ৰ বিজ্ঞান কাকতত প্ৰকাশ কৰা হৈছে এই বিষয়ে। কাকতখনৰ সহ-লেখক এডাম ফেনবৰ্গে কয় যে- তেওঁলোকে ক'লেজনৰ পৰা থ্ৰী-ডি প্ৰিন্টিঙৰ জৰিয়তে হৃদপিণ্ডৰ ৱ'ল্ড বনাইছে আৰু ই সফলভাৱে কাম কৰি আছে। উল্লেখ্য যে, শৰীৰৰ প্ৰতিটো অংগৰ কোষতে থাকে এই ক'লেজন প্ৰটিন।

হৃদপিণ্ডৰ লগতে মানুহৰ শৰীৰৰ প্ৰতিটোঅংগ কিছুমান বিশেষ কোষেৰে নিৰ্মিত। এই কোষবোৰক প্ৰটিনৰ এটা বায়'লজিক ফ্ৰেমে বান্ধিৰাখে। যাক এক্সট্ৰ' চেল্যুলৰ মেট্ৰিক্স চমুকৈ ইচিএম বুলি কোৱা যায়। ইয়াতঅন্তৰ্ভুক্ত হৈ থাকে ক'লেজন। আৰু এক্সট্ৰ' চেল্যুলৰ মেট্ৰিক্সেই কোষবোৰকবায়'কেমিকেল সংকেত প্ৰেৰণ কৰে, যাৰ দ্বাৰা কোষবোৰে বিভিন্ন অংগক নিৰ্ধাৰিত কামকৰিবলৈ আদেশ দিয়ে।

এক সমীক্ষা অনুসৰি, বিশ্বত প্ৰতি বছৰেপ্ৰায় ১০ লাখ ৰোগীক হাৰ্ট ট্ৰান্সপ্লান্টৰ প্ৰয়োজন হয়। কিন্তু ৫০ হাজাৰ ৰোগীৰভিতৰত মাত্ৰ ১০ বা ১৫জনৰহে হাৰ্ট ট্ৰান্সপ্লান্ট কৰিব পৰা যায়। সেয়েহে এই ক্ষেত্ৰতবৈজ্ঞানিক সকলৰ নতুন সফলতাই বহু লোকৰ প্ৰাণৰক্ষা কৰিব বুলি আশা কৰা হৈছে।