মুখ্য-পৃষ্ঠা

লোকসভাত উত্থাপন হ’ব ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান (সংশোধনী) বিধেয়ক, ২০২১..

asomiyapratidin

ডিজিটেল ডেস্কঃ হুলস্থুলীয়া পৰিবেশৰ মাজৰে আৰম্ভ হৈছে সংসদৰ শীতকালীন অধিৱেশন। ৰাজ্যসভাৰ মুঠ ১২ জন সাংসদক নিলম্বন কৰিছে অধ্যক্ষ তথা উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে। ইফালে অধ্যক্ষই এইদৰে ১২ জনকৈ সাংসদক নিলম্বন কৰাৰ বাবে বিৰোধী দল কেইটাৰ নেতাই সমালোচনা কৰিছে অধ্যক্ষৰ লগতে শাসনাধিস্ত দলক।

অধিৱেশনৰ বৃহস্পতিবাৰৰ দিনটোত দুয়োখন সদনতে ১২ জন সাংসদৰ নিলম্বন উঠাই লোৱাৰ দাবী উত্থাপন কৰিছে। ইতিমধ্যে আৰম্ভ হৈছে শীতকালীন অধিৱেশনৰ চতুৰ্থ দিনৰ কাৰ্যক্ৰম। ইফালে অধিৱেশনৰ চতুৰ্থটো দিনত দেশৰ কোৰোনা পৰিস্থিতিৰ ওপৰত আলোচনা কৰা হ'ব। সংসদৰ ১৯৩ নিয়মৰ অধিনত অনুষ্ঠিত হ'ব এই বিষয়ে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই মহামাৰীৰ পৰিস্থিতি আৰু নতুন প্ৰকাৰ অ'মাইক্ৰনৰ মোকাবিলা কৰিবলৈ লোৱা পদক্ষেপৰ বিষয়ে দেশক অৱগত কৰিব। স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে লোকসভাত ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান (সংশোধনী) বিধেয়ক, ২০২১ উত্থাপন কৰিব।