মুখ্য-পৃষ্ঠা

অবৈধ নাগৰিক বাহিৰ হ’ব লাগিব দেশৰ পৰাঃ ৰাজ্যসভাত অমিত শ্বাহৰ ঘোষণা

asomiyapratidin

ডিজিটেল ডেস্কঃ অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত বহিৰাগতৰ আগ্ৰাসনে খিলঞ্জীয়াৰ প্ৰতি প্ৰচণ্ড ভাবুকিৰ সৃষ্টি কৰিছে। মঙলবাৰে ৰাজ্যসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বহিৰাগত সমস্যা সন্দৰ্ভত উত্থাপিত এক প্ৰশ্নৰ উত্তৰ দি দেশৰ প্ৰতিটো কোণৰ পৰা বহিৰাগতসকলক বাহিৰ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। তেওঁ কয়, 'ভাৰতৰ পৰা অবৈধ নাগৰিকক খেদি পঠিওৱাটো আমাৰ চৰকাৰৰ প্ৰথম দায়বদ্ধতা।'

ৰাজ্যসভাত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সন্দৰ্ভত মন্তব্য কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে নাগৰিক পঞ্জী অসম চুক্তিৰে এক অংশ হিচাপে সমাধা কৰা হৈছে। আনহাতে ৰাষ্ট্ৰপতিৰ অভিভাষণতো ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উল্লেখ কৰা হৈছে বুলি মন্তব্য কৰি অমিত শ্বাহে কয়, 'যিখন ঘোষণা পত্ৰৰ আধাৰত শাসকীয় দলটোৱে নিৰ্বাচনত জয়লাভ কৰি আহিছে, সেই ঘোষণা পত্ৰতো এন আৰ চিৰ বিষয়ে উল্লেখ কৰা হৈছে।'

'দেশৰ প্ৰতিটো চুকে কোণে অবৈধ বিদেশীয়ে বাস কৰি আছে। আমি সেইসকল লোকক চিনাক্ত কৰি আন্তঃৰাষ্ট্ৰীয় আইনৰ অধীনত নিৰ্বাসিত কৰিম। যিদৰে অসমত এন আৰ চি প্ৰস্তুত কৰা হৈছে, সেইদৰে দেশৰ অন্যান্য ৰাজ্য সমূহতো অবৈধ বিদেশীক নিৰ্বাসিত কৰাৰ বাবে এই আইন প্ৰস্তুত কৰা হ'ব।' – ৰাজ্যসভাত সমাজবাদী পাৰ্টীৰ সাংসদ জাবেদ আলী খানৰ এক প্ৰশ্নৰ উত্তৰ দি এনেদৰে কয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

ইফালে ইয়াৰ পূৰ্বে অগপৰ ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই এন আৰ চিৰ প্ৰক্ৰিয়া সন্দৰ্ভত উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰ দি গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে কয় যে অসমত এন আৰ চি প্ৰস্তুত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। লগতে এন আৰ চিত যাতে কোনো ভাৰতীয় নাগৰিকৰ নাম বাদ নপৰে আৰু কোনো বিদেশীৰ নাম অন্তৰ্ভূক্ত নহয়, তাৰ প্ৰতিও কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰিব বুলিও মন্তব্য কৰে নিত্যানন্দ ৰায়ে।