মুখ্য-পৃষ্ঠা

দিনৰ ২ বজালৈ স্থগিত লোকসভা..

asomiyapratidin

ডিজিটেল ডেস্কঃ সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ দ্বিতীয়টো দিনতো উত্তপ্ত হৈ পৰিছে দুয়োখন সদন। লোকসভাত বিৰুধী দলে কেইবাটাও বিষয়ক কেন্দ্ৰ কৰি উত্তপ্ত কৰি তুলিছে সদন। যাৰ বাবে লোকসভাৰ অধ্যক্ষই দিনৰ ২ বজালৈকে স্থগিত ৰাখিছে।

ইফালে সংসদৰ অধিৱেশনৰ মাজতে বিজেপি দলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত অনুষ্ঠিত কৰিলে এক বিশেষ বৈঠক।

দেশৰ কোৰোনাৰ স্থিতি, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি, ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি বিৰুধী নেতা, সাংবাদিককে ধৰি প্ৰায় শতাধিক ব্যক্তিৰ ফোন টেপিঙৰ ঘটনাক কেন্দ্ৰ কৰি বিৰোধীয়ে সংসদ উত্তাল কৰি তুলিছে।