মুখ্য-পৃষ্ঠা

‘পাপ্পু’ জাৱান হৈ গ’ল! বিজেপিক এতিয়া ৰক্ষা কৰক মোডীয়ে, VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ কংগ্ৰেছ শিবিৰত এতিয়া উৎসাহৰ ঢল। আজিৰ দিনটো যেন কেৱল কংগ্ৰেছৰ বাবেহে। নিৰ্বাচন অনুষ্ঠিত হোৱা ৰাজ্য কেইখনৰ বাদেও আন ৰাজ্যতো কংগ্ৰেছে এই আনন্দ-উৎসাহত ভাগ লৈছে। কিছুদিনৰ আগলৈকে বিজেপি নেতা তথা মোডীয়ে ৰাহুল গান্ধীক 'পাপ্পু' নামেৰে কটাক্ষ কৰিছিল। তাৰো উত্তৰ দিছে কংগ্ৰেছ সমৰ্থকে। ৰাজস্থানৰ কংগ্ৰেছ সমৰ্থকৰ স্পষ্ট কথা- মোডীজীয়ে ৰাহুল গান্ধীক পাপ্পু আখ্যা দি অবজ্ঞা কৰিছিল। আজি সেই পাপ্পুৱে দেখুৱাই দিছে খেল। বিশেষকৈ তিনিখন ৰাজ্যত কংগ্ৰেছৰ এই ফলাফলৰ পাছত উৎসাহিত সমৰ্থকে এইবাৰ নৰেন্দ্ৰ মোডীক প্ৰত্যাহ্বান জনাইছে। একাংশ কংগ্ৰেছ সমৰ্থকৰ মন্তব্য- 'পাপ্পু ডাঙৰ হ'ল। জাৱান হৈছে পাপ্পু। এতিয়া মোডীয়ে সেই পাপ্পুৰ পৰা বিজেপিক ৰক্ষা কৰক।'

ইফালে, পঞ্জাৱতো কংগ্ৰেছ সমৰ্থকসকলৰ মাজত উৎসাহৰ ঢল বৈছে। ৰাজ্যখনৰ কংগ্ৰেছ নেতা-সমৰ্থকসকলে নাচ-গান কৰি এইদৰে আজিৰ দিনটো উপভোগ কৰাত ব্যস্ত হৈ পৰিছে। ৰাহুল গান্ধীৰ হৰ্ডিং, কংগ্ৰেছৰ পতাকা লৈ নাচিছে পঞ্জাৱৰ কংগ্ৰেছৰ নেতা-সমৰ্থকে।