মুখ্য-পৃষ্ঠা

পানেৰীৰ বাইক দুৰ্ঘটনাত যুৱকৰ মৃত্যু, আহত এজন…

asomiyapratidin

ডিজিটেল সংবাদ, টংলাঃ ওদালগুৰি জিলাৰ পানেৰী থানাৰ অন্তৰ্গত গীটিবাৰীত আজি পুৱা প্ৰায় ১০ বজাত সংঘটিত এটা বাইক দুৰ্ঘটনাত নীতিকেশ পাল নামৰ ৩০ বছৰীয়া যুৱক এজন থিতাতে নিহত হোৱাৰ লগতে আন এজন যুৱক আহত হয় ৷

ঘটনাৰ বিৱৰণীত প্ৰকাশ যে আজি পুৱা জিলাখনৰ ডিমাকুছি থানাৰ অন্তৰ্গত উত্তৰ নাউবান্ধাৰ প্ৰয়াত প্ৰমোদ পালৰ পুত্ৰ তথা ক্ষুদ্ৰ ব্যৱসায়ী নীতিকেশ পালে নিজৰ এছ ০১ডি এইছ ৬৫০৮ নম্বৰৰ গ্লে'মাৰ বাইকখনেৰে ওদালগুৰি-তামোলপুৰ গড়কাপ্তানি পথেৰে আহি থকা সময়তে বিপৰীত দিশৰ পৰা এএছ২৭ ২৫১৬ নম্বৰৰ ডিস্ক'ভাৰ বাইকেৰে গৈ থকা পানেৰী থানাৰ অন্তৰ্গত শিমলুগুৰি গাঁৱৰ নৱীন বড়োৰ পুত্ৰ চানচুলা বড়োৰ সৈতে গীটিবাৰী কেকুঁৰিত মুখামুখী সংঘৰ্ষ হোৱাত দুৰ্ঘটনাটো সংঘটিত হয় ৷

দুৰ্ঘটনাটোত নীতিকেশ পালৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে চানচুলা বড়ো আহত হয় ৷ ৰাইজৰ সহযোগত আৰক্ষীয়ে আহত যুৱকজনক টংলা সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে ৷ ওদালগুৰি-তামোলপুৰ গড়কাপ্তানি পথটো পকীকৰণৰ পিছতে অনিয়ন্ত্ৰিত গতিত যান-বাহন চলাচল কৰাত
পথটোত দুৰ্ঘটনাৰ হাৰ ক্ৰমাৎ বৃদ্ধি পাইছে ৷