মুখ্য-পৃষ্ঠা

চোৰাং কাঠৰ ব্যৱসায়ত নামিল চৰকাৰী কৰ্মচাৰী! পশ্চিম কাৰ্বি আংলঙত কাঠসহ গ্ৰেপ্তাৰ ৪

asomiyapratidin

ডিজিটেল সংবাদ, পশ্চিম কাৰ্বি আংলংঃ লকডাউনৰ সুযোগ লৈ অসাধু চক্ৰ এতিয়া নামি পৰিছে চোৰাং কাঠ সৰবৰাহত। যোৱা মঙলবাৰে নিশা লাভ কৰা এক গোপন তথ্যৰ ভিক্তিত বৈঠালাংছ আৰক্ষীয়ে এনে চোৰাং কাঠ সৰবৰাৰকাৰীৰ বিৰুদ্ধে উমৰু গাঁওত এক অভিযান চলাই ৩৬ ডাল চেগুন গছৰ কুণ্ডাৰে ভৰা AS-02BC-9096নম্বৰৰ এখন বলেৰ পিক আপ গাড়ী সহ চাৰি চোৰাং কাঠ বেপাৰীক গ্ৰেপ্তাৰ কৰে ।

ধৃত বেপাৰী কেইজন উমচেৰেত গাঁওৰ মন তিমুং,ছিং তেৰাং,জেম ৰংপি আৰু ৱাইচঙ তিমুং বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।ইয়াৰে মন তিমং নামৰ বোলাজন আকৌ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে। ইতিমধ্যে আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত।