মুখ্য-পৃষ্ঠা

পাক প্ৰধানমন্ত্ৰীৰ হুংকাৰঃ ভাৰতৰ সৈতে যুদ্ধ কৰিবলৈ আমি সাজু …

asomiyapratidin

ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰৰ পৰা বিশেষাধিকাৰ কৰ্তন কৰি ভাৰত চৰকাৰে ৰাজ্যখনক কেন্দ্ৰীয় শাসিতৰ মৰ্যাদা প্ৰদান কৰাৰ পিছতে ভাৰতৰ বিৰুদ্ধে খৰ্ব হৈ পৰিছে পাকিস্তান। ভাৰতৰ সৈতে পাকিস্তানে কূটনৈতিক সম্পৰ্কৰ হ্ৰাস ঘটোৱাৰ পিছতে এইবাৰ ৰাষ্ট্ৰখনৰ কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী শ্বেখ ৰাছিদে ভাৰত-পাকিস্তানৰ মাজত ৱাঘা সীমান্ত হৈ চলা সমঝোতা এক্সপ্ৰেছ ৰে'লখনৰ চলাচল সম্পূৰ্ণৰূপে বাতিল কৰাৰ ঘোষণা কৰিছে।

জম্মু-কাশ্মীৰক লৈ ভাৰতৰ ওপৰত অসন্তুষ্ট পাকিস্তানে শেহতীয়াকৈ ৰাষ্ট্ৰখনত ভাৰতীয় বোলছবিও নিষিদ্ধ কৰিছে। পাকিস্তানে ভাৰতৰ সৈতে দ্বিপক্ষীয় কূটনৈতিক সম্পৰ্ক হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণৰ কিছু সময়ৰ পিছতে ৰাষ্ট্ৰখনত থকা ভাৰতীয় উচ্চায়ুক্ত অজয় বিছাৰিয়াকো পাকিস্তানৰ পৰা বহিস্কাৰ কৰে।

ইমানৰ পাছতো ক্ষান্ত হোৱা নাই পাকিস্তান। বৃহস্পতিবাৰে পাক প্ৰধানমন্ত্ৰী ইমৰান খানে এটা টেলিভিশ্বন চেনেলত হোৱা সাক্ষাৎকাৰত মন্তব্য কৰে যে, ভাৰতে যুদ্ধ বিচৰা নাই, নহলে ভাৰতক উচিত প্ৰতুত্ত্যৰ দিবলৈ আমি সাজু আছো। উল্লেখ্য যে ৩৭০ ধাৰাক লৈ পাকিস্তানৰ সদনতো সৃষ্টি হৈছিল হুলস্থুলীয়া পৰিস্থিতিৰ।