মুখ্য-পৃষ্ঠা

বন্ধ হ’ল জনপ্ৰিয় অনলাইন গেম PUBG

asomiyapratidin

ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা খেলিব নোৱাৰিব অতিকৈ জনপ্ৰিয় অনলাইন গেম PUBG। কোটি কোটি জনৰ বাবে অতিকৈ প্ৰিয় এই গেমটো অৱশ্যে ভাৰত বা সমগ্ৰ বিশ্বত বন্ধ কৰাৰ সিদ্ধান্ত লোৱা নাই। অনলাইন এই গেমবিধৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰিছে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানে। দেশখনৰ টেলি কমিউনিকেশ্যন অৰ্থৰিটীয়ে এই গেম বিধক স্বাস্থ্যৰ পক্ষে হানিকাৰক আখ্যা দি এই প্ৰদক্ষেপ গ্ৰহণ কৰিছে।

পাকিস্তানৰ টেলি কমিউনিকেশ্যন অৰ্থৰিটীয়ে টুইটাৰত এই বিষয়ৰ সন্দৰ্ভত লিখিছে, পি টি এক PUBGৰ বিৰুদ্ধে বহুজনে অভিযোগ দাখিল কৰিছিল। যত কোৱা হৈছিল যে, এই গেমবিধে এটা নিচাৰ সৃষ্টি কৰাৰ উপৰিও সময়ৰ অপব্যৱহাৰ কৰে। লগতে খেলুৱৈজনৰ শাৰিৰীক আৰু মানসিক স্বাস্থ্যতো বেয়াকৈ প্ৰভাৱ পেলায়।

তেওঁলোকে টুইটটোত লগতে কৈছে, বহু চিন্তা চৰ্চা কৰি আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছো। বহু সংবাদমাধ্যমৰ পৰাও খবৰ পাইছো যে, একাংশৰ আত্মহত্যাৰ কাৰনো এই গেমবিধেই। লাহোৰ উচ্চ ন্যায়ালয়েও এই বিষয়ৰ সন্দৰ্ভত অহা ৯জুলাইত এক শুনানি গ্ৰহণ কৰিব। উল্লেখ্য যে, সমগ্ৰ বিশ্বত PUBG ৩.৪২কোটি লোকে এই গেমবিধ ব্যৱহাৰ কৰি আছে।