মুখ্য-পৃষ্ঠা

১০৭ গৰাকী লোকসহ পাকিস্তানত দুৰ্ঘটনাত পতিত বিমান, VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ পাকিস্তানত দুৰ্ঘটনাত পতিত হৈছে এখন বিমান। দুৰ্ঘটনাগ্ৰস্ত বিমানখন পাকিস্তান ইন্টাৰনেশ্যনেল এয়াৰ লাইনছৰ। লাহোৰৰ পৰা কাৰাছীলৈ বিমানখনে যাত্ৰা কৰাৰ সময়ত কাৰাছী বিমানবন্দৰৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হৈছে। বিমানখনত ৯৯ গৰাকী যাত্ৰী আছিল বুলি জানিব পৰা গৈছে। লগতে ৮ গৰাকী বিমান কৰ্মী আছিল।

বিমানখনে বিমানবন্দৰত আৱতৰণ কৰাৰ প্ৰায় এক মিনিট পূৰ্বে এই দুৰ্ঘটনা সংঘটিত হয়। পাকিস্তানৰ সংবাদমাধ্যমে সদৰি কৰা অনুসৰি বিমানখন এয়াৰবাছ এ৩২০ বিমান। মালিৰৰ মডেল কলনীৰ জিন্নাহ গাৰ্ডেন এলেকাত এই ঘটনা সংঘটিত হৈছে। বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পাছতে কেবাটাও বাসগৃহত অগ্নিসংযোগ হয়।

https://www.facebook.com/asomiya.pratidin/videos/346929349610109/

লাহোৰৰ পৰা কাৰাছীলৈ দূৰত্ব হ'ব প্ৰায় ১০২০ কিলোমিটাৰ। প্ৰায় ৭.৩০ ঘন্টা লাগে কাৰাছীলৈ। পাকিস্তানে বাণিজ্যিক বিমান চলাচলৰ বাবে অনুমতি দিয়াৰ পাছতে এই দুৰ্ঘটনা সংঘটিত হয়।