মুখ্য-পৃষ্ঠা

পাকিস্তানত পৰিল ভাৰতৰ মিছাইল!

asomiyapratidin

ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ মাজতেই আহিছে আন এক খবৰ। ভাৰতৰ মিছাইল গৈ পৰিলগৈ পাকিস্তানত। ভাৰত-পাকিস্তান সীমান্তৰ পৰা ১২৪কিঃমিঃ ভিতৰত পাক ভূমিলৈ ভাৰত ছুপাৰ চনিক মিছাইল প্ৰক্ষেপন কৰাৰ কথা পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে সদৰি কৰে শুকুৰবাৰে।

বৃহস্পতিবাৰৰ নিশাএই মিছা প্ৰক্ষেপনৰ ঘটনা সংঘটিত হৈছিল। সৌভাগ্যক্ৰমে এই মিছাইল আক্ৰমণত কোনো ধৰণৰ হতাহতি হোৱা নাই। ভাৰতেও কাৰিকৰী ভুলৰ বাবে পাকিস্তানৰ ভূমিত এই মিছাইল পৰিছেগৈ বুলি স্বীকাৰ কৰিছে। এই সন্দৰ্ভত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক তদন্তৰ নিৰ্দেশ দিছে।

বিষয়টো ভাৰত চৰকাৰে গুৰুত্বসহকাৰেে গ্ৰহণ কৰি কৰ্ট অৱ ইনকুৱাৰি তদন্তৰ ঘোষণা কৰিছে। নিয়মীয়া পৰীক্ষাৰ সময়তে এই মিছাইল প্ৰক্ষেপিত হয় বুলি অনুমান কৰা হৈছে।